...

ঐতিহাসিক বৰপথাৰ কমাৰগাঁও ভাওনা সমিতি আৰু ঐতিহাসিক আইথান পৰিচালনা সমিতিৰ উদ্যোগ

ঐতিহাসিক বৰপথাৰ কমাৰগাঁও ভাওনা সমিতি আৰু ঐতিহাসিক আইথান পৰিচালনা সমিতিৰ উদ্যোগ

বানবিধ্বস্ত অঞ্চলত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ
এশ জনীয়া সদস্যৰ শ্ৰমদান কাৰ্যসূচী

চাইন অন ডেস্ক,৭আগষ্ট:

আধ্যাত্মিক সাধনা আৰু মানৱসেৱাক সমানে অগ্ৰাধিকাৰ দি এক অনুকৰণীয় দৃষ্টান্ত স্থাপন কৰিছে ডিব্ৰুগড়ৰ ঐতিহাসিক শ্ৰী শ্ৰী কলি আই থান পৰিচালনা সমিতি আৰু প্ৰতি তিনি বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা ১৩২ বছৰীয়া ঐতিহাসিক বৰপথাৰ কমাৰগাঁও ভাওনা সমিতিয়ে। বানত জৰ্জৰিত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিভিন্ন ক্ষতিগ্ৰস্ত অঞ্চলত উপস্থিত হৈ দুয়োটা সংগঠনে সাহায্য সামগ্ৰী বিতৰণৰ লগতে ব্যাপক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ কৰি সমাজত এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে।
সাহায্য অভিযানৰ অংশ হিচাপে বানপীড়িত পৰিয়ালসমূহৰ মাজত কেৰাহী, কাঁহি-বাটি, গিলাচ, হেতা আদি অত্যাৱশ্যকীয় ঘৰুৱা সামগ্ৰীৰ লগতে বিভিন্ন নিত্যপ্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হয়। ইয়াৰ উপৰিও বানৰ ফলত খাদ্য সংকটত পৰা গৰু-মহ আদিৰ বাবে এক ট্ৰাক ঘাঁহ আৰু খেৰো যোগান ধৰা হয়।
কেৱল সাহায্য সামগ্ৰী বিতৰণতেই সীমাবদ্ধ নাথাকি, বৰপথাৰ কমাৰগাঁও ভাওনা সমিতি আৰু শ্ৰী শ্ৰী কলি আই থানৰ সৈতে জড়িত প্ৰায় ১০০ জনীয়া স্বেচ্ছাসেৱকৰ দলে বানত বিধ্বস্ত অঞ্চলসমূহত শ্ৰমদান কৰি এক ব্যতিক্ৰমী নিদৰ্শন দাঙি ধৰে। তেওঁলোকে শিৱসাগৰৰ নিমাইজান, দ-নিমাইজান আৰু নাজিৰাৰ ৰজাপুল অঞ্চলৰ বোকা-পলসেৰে আৱৰি থকা কেইবাখনো বিদ্যালয় আৰু নামঘৰ পৰিষ্কাৰ কৰি পুনৰ ব্যৱহাৰৰ উপযোগী কৰি তোলে। এই কাৰ্যই স্থানীয় ৰাইজৰ দীৰ্ঘদিনীয়া দুৰ্ভোগ কিছু পৰিমাণে লাঘৱ কৰাত সহায়ক হয়।
স্বেচ্ছাসেৱকসকলৰ এই নিঃস্বাৰ্থ শ্ৰমদান আৰু মানৱসেৱাৰ মনোভাৱে স্থানীয় ৰাইজৰ লগতে বিভিন্ন মহলৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। সমগ্ৰ ৰাজ্যতে আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্যৰ বাবে সুপৰিচিত ঐতিহাসিক বৰপথাৰ কমাৰগাঁও ভাওনা আৰু শ্ৰী শ্ৰী কলি আই থানৰ এই পদক্ষেপে পুনৰ এবাৰ প্ৰমাণ কৰিলে যে ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠানসমূহ কেৱল পৰম্পৰা সংৰক্ষণতেই সীমাবদ্ধ নহয়, বৰঞ্চ দুৰ্যোগৰ সময়ত সমাজৰ দুৰ্দশাগ্ৰস্ত মানুহৰ কাষত থিয় দিয়াটোও তেওঁলোকৰ এক গুৰুত্বপূৰ্ণ সামাজিক দায়বদ্ধতা। এই মানৱীয় কাৰ্যসূচীক সকলো স্তৰৰ লোকে আন্তৰিকভাৱে শলাগ লৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *