...

অসম-বংগ সীমান্তৰ ছাগলীয়াত বহি:ৰাজ্যৰ ম’হ ভৰ্তি বাহন জব্দ

অসম-বংগ সীমান্তৰ ছাগলীয়াত বহি:ৰাজ্যৰ ম’হ ভৰ্তি বাহন জব্দ

আটক দুজন সৰবৰাহকাৰী

আগমনি,৬আগষ্ট:

অসম-পশ্চিমবংগ সীমান্তৰ ছাগলীয়া আৰক্ষীৰ অভিযানত বহিঃৰাজ্যৰ পৰা অসমলৈ সৰবৰাহ কৰি অনা ৪২ টা ম’হ ভৰ্তি বাহন জব্দ কৰে । গোপন খবৰৰ ভিত্তিত অভিযান চলাই পশ্চিমবংগৰ ইছলামপুৰৰ পৰা বঙাইগাঁও জিলাৰ কাবাইটাৰীলৈ গৈ থকা এ এছ ০১ টি চি ৩৮৪৪ নম্বৰ এখন ট্ৰাকত তালাচী চলায়। তালাচীৰ সময়ত আৰক্ষীয়ে ট্ৰাকখনৰ কুৰকুৰেৰ পেকেটৰ তলত থকা গোপন চেম্বাৰৰ পৰা ৪২ টা ম’হ উদ্ধাৰ কৰে। আনহাতে বাহন খনৰ চালক ধুবুৰীৰ আব্দুল ৰহমান আৰু হেণ্ডিমেন বঙাইগাঁও জিলাৰ কাবাইটাৰীৰ সাহিদুল ইছলামক আটক কৰে। ইতিমধ্যে আৰক্ষীয়ে দুয়োকে আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে । উল্লেখ্য যে, অসম বংগ সীমান্ত অঞ্চলত ম’হ, চোৰাং গৰু, নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহৰ ঘটনা দিনক দিনে বৃদ্ধি পাব ধৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *