...

লোক পিয়লত আহোম জনগোষ্ঠীয় লোকক নিজা পৰিচয় প্ৰদান কৰিবলৈ আহ্বান টাই আহোম জাতীয় পৰিষদৰ

লোক পিয়লত আহোম জনগোষ্ঠীয় লোকক নিজা পৰিচয় প্ৰদান কৰিবলৈ আহ্বান টাই আহোম জাতীয় পৰিষদৰ

বানাক্ৰান্তক ২০ হাজাৰ কোটি টকা প্ৰদানৰ দাবী

চাইন অন ডেস্ক,২আগষ্ট:

টাই আহোম জাতীয় পৰিষদৰ এখন গুৰুত্বপূৰ্ণ সভা এখন চৰাইদেউ জিলাৰ মৰাণহাটস্থিত টাই অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰত কালি অনুষ্ঠিত হয়।টাই আহোম জনগোষ্ঠীৰ বহুকেইটা সংগঠন বংশৱালীৰ লগতে কেইবাগৰাকী ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত সভাখনত আগন্তুক লোকপিয়লৰ সময়ছোৱাত জনগোষ্ঠীটোৰ লোকসকলক নিজা ধৰ্ম আৰু ভাষা পৰিচয় প্ৰদান কৰিবলৈ আহ্বান জনাই প্ৰস্তাৱ গ্ৰহণ কৰে।প্ৰস্তাৱ অনুসৰি টাই আহোম জনগোষ্ঠীয় লোকসকলক নিজা ভাষা হিচাপে টাই অসমীয়া আৰু ধৰ্মীয় পৰিচয় হিচাপে বানফী ডাম অথবা আহোম হিন্দু হিচাপে পৰিচয় প্ৰদান কৰিবলৈ সভাই আহ্বান জনায়।তদুপৰি সভাই চৰাইদেউ,শিৱসাগৰ আৰু যোৰহাট জিলাৰ বানাক্ৰান্ত ক্ষতিগ্ৰস্ত লোকসকলৰ পুনঃসংস্থাপনৰ বাবে ২০ হাজাৰ কোটি টকাৰ বিত্তীয় সাহাৰ্য প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাবলৈ এক প্ৰস্তাৱ গ্ৰহণ কৰে।সভাখনত বানাক্ৰান্ত অঞ্চল টাই আহোম জাতীয় পৰিষদৰ এটা উচ্চ পৰ্যায়ৰ সজাতী দলে পৰিদৰ্শন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।টাই আহোম জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি ড°দয়ানন্দ বৰগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মহন দেওধাই বাইলুং সন্মিলনৰ প্ৰাক্তন সভাপতি বিশিষ্ট টাই গৱেষক পণ্ডিত জীৱেশ্বৰ মহন,শিক্ষাবিদ মৰাণহাটস্থিত টাই অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰৰ সঞ্চালক ড°গিৰীণ ফুকন,সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি মিলন বুঢ়াগোহাঁই,প্ৰাক্তন সভাপতি সপোন গগৈ,চাউদাং জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি অমিয় কুমাৰ বৰুৱা,আহোম ৰয়েল ছছাইটিৰ সভাপতি কমলা ৰাজকোঁৱৰ,সদৌ বৰগোহাঁই বংশৱালীৰ সভাপতি মুহি বৰগোহাঁই,সদৌ বুঢ়াগোহাঁই বংশৱালীৰ সাধাৰণ সম্পাদক ৰঞ্জন বুঢ়াগোহাঁই,সদৌ দিহিঙ্গীয়া বংশাৱলীৰ সম্পাদক জয়ন্ত দিহিঙ্গীয়া প্ৰমুখ্যে বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকি বক্তব্য আগবঢ়ায়।আনহাতে টাই আহোম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক অমৰজ্যোতি আৰন্ধৰাই উদেশ্য ব্যাখ্যা কৰা সভাখনত চাউদাং জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক সুৰজিৎ গগৈ, আহোম সভাৰ প্ৰতিনিধি হিচাপে অধ্যাপক হীৰালাল বৰফুকন,আহোম জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক অনন্ত গগৈ,বিশিষ্ট সমাজকৰ্মী নীলকান্ত গগৈ,অসীম বৰুৱা,অৰূপজ্যোতি বৰগোহাঁই,অনিল সন্দিকৈ,আটাছুনেতা দেৱজিৎ গগৈ,পীতাম্বৰ দিহিঙীয়া,লক্ষ্য কুমাৰ চেতিয়া প্ৰমুখ্যে বহুসংখ্যক ব্যক্তি উপস্থিত থাকে।সভাৰ আৰম্ভণিতে টাই আহোম জাতীয় পৰিষদৰ প্ৰতিষ্ঠাপক উপ সভাপতি বিশিষ্ট চিকিৎসক ডা° গিৰীণ গগৈ আৰু বানপানীত অকালে মৃত্যু বৰণ কৰা ব্যক্তিসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এক মিনিট সময় মৌনতা অৱলম্বন কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *