অসম চৰকাৰৰ গ্ৰীষ্মকালীন সাংস্কৃতিক কৰ্মশালা
গাম্ভীৰ্যপূৰ্ণতাৰে সামৰণি অনুষ্ঠান অনুষ্ঠিত
চাইন অন ডেস্ক,৩১জুলাই:

অসম গৌৰৱ বঁটা প্ৰাপক জ্যেষ্ঠ শিল্পী ৰাম চাচনীয়ে উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত জিলা সাংস্কৃতিক উন্নয়ন বিষয়া সুদৰ্শন বৰা, ডিব্ৰুগড় সাংস্কৃতিক বিষয়া গোলাপ টায়েং, ডিব্ৰুগড় বিধানসভা সমষ্টিৰ সাংস্কৃতিক পৰিদৰ্শক তথা অনাতাঁৰ শিল্পী ভূৱন গগৈ, টাই ভাষাৰ সংগীতজ্ঞ গন্ধেশ্বৰ চমুৱা, বিশিষ্ট সমাজকৰ্মী তথা সংগঠক দীপক চাংমাই আৰু নৃত্য বিশাৰদ শেৱালী গগৈ উপস্থিত থাকে। উল্লেখযোগ্য যে, অসম চৰকাৰৰ গ্ৰীষ্মকালীন সাংস্কৃতিক কৰ্মশালাৰ অংশ হিচাপে নৃত্যাংগন কলা কেন্দ্ৰই 
সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলে এই তিনিওটা প্ৰযোজনা মঞ্চস্থ কৰাৰ লগতে প্ৰশিক্ষাৰ্থী সকলে ৰাভা জনগোষ্ঠীৰ হামজাৰ নৃত্য, বড়ো জনগোষ্ঠীৰ বাগৰুম্বা নৃত্য আৰু টাই আহোম জনগোষ্ঠীৰ ছাতি নৃত্য পৰিৱেশন কৰি দৰ্শকৰ প্ৰশংসা লাভ কৰে। ইয়াৰ উপৰিও আৰ্হী চেতিয়াই কবি নৱকান্ত বৰুৱাৰ 
অনুষ্ঠানত ডিব্ৰুগড় সাহিত্য সভাৰ সহকাৰী সম্পাদক মীনাক্ষী দাস বৰুৱা, শিল্পী ড° চুমী ফুকন, লোকবাদ্য সাধক জিতেন দাস, ক্ৰীড়া সংগঠক অঞ্জন চেতিয়া, শিল্পী অনুপ শৰ্মা, দিগন্ত চেতিয়া, অৱন শৰ্মা, ৰাহুল গগৈ, নিবন্ধকাৰ সুমন দত্তকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। তেওঁলোকে 
অনুষ্ঠানৰ অন্তত নৃত্যাংগন কলা কেন্দ্ৰৰ অধ্যক্ষা ৰুবী গগৈ সন্দিকৈয়ে ধন্যবাদ জ্ঞাপন কৰে। সামৰণিত উপস্থিত সকলো শিল্পী আৰু প্ৰশিক্ষাৰ্থী, অভিভাৱক অভিভাৱীকা একেলগে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’ পৰিৱেশন কৰি অনুষ্ঠানৰ সফল সামৰণি পৰে।