ভাৰতীয় ৰেল মন্ত্ৰী বৈষ্ণৱক সাক্ষাৎ ডিব্ৰুগড়ৰ উপ-মেয়ৰ উজ্জ্বল ফুকন
ৰেলৱে ষ্টেচনত মাল্টি বিল্ডিং পাৰ্কিং সুবিধা নিৰ্মাণৰ প্ৰস্তাৱ
চাইন অন ডেস্ক,৩০জুলাই:

স্বৰূপ পুৰণি ৰেলৱে কাৰ শ্বেডৰ ওচৰত এই সুবিধা নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। ব্যক্তিগত বাহনৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ ফলত চহৰখনত তীব্ৰ পাৰ্কিং সমস্যা আৰু যান-জঁটৰ সৃষ্টি হোৱা বুলি ফুকনে মন্ত্ৰীগৰাকীক অৱগত কৰে।
ফুকনে কয়, ‘ডিব্ৰুগড়ে বছৰ বছৰ ধৰি তীব্ৰ পাৰ্কিং অভাৱৰ সন্মুখীন হৈ আহিছে আৰু চহৰখন সম্প্ৰসাৰিত হোৱাৰ লগে লগে এই সমস্যা অধিক জটিল হৈ পৰিছে। 
উপ-মেয়ৰগৰাকীৰ প্ৰস্তাৱত ভাৰতীয় ৰেলৱে আৰু ডিব্ৰুগড় পৌৰ নিগমৰ মাজত ৬০:৪০ ৰাজহ-অংশগ্ৰহণৰ আৰ্হিৰ ৰূপৰেখা দাঙি ধৰা হৈছে। তেওঁ কয় যে এই ব্যৱস্থাই ৰেলৱেৰ ভূমিৰ সঠিক ব্যৱহাৰ সুনিশ্চিত কৰাৰ উপৰি কোনো এক পক্ষৰ ওপৰত অতিৰিক্ত বিত্তীয় বোজা নপৰাকৈ চহৰখনক জৰুৰী পৌৰ আন্তঃগাঁথনি নিৰ্মাণত সহায় কৰিব।
প্ৰস্তাৱটোৰ সঁহাৰি জনাই ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে উজ্জ্বল ফুকনক আশ্বাস দিয়ে যে বিষয়টো গুৰুত্ব সহকাৰে 
অসমৰ প্ৰস্তাৱিত দ্বিতীয় ৰাজধানী হিচাপে ডিব্ৰুগড়ৰ ক্ৰমবৰ্ধমান গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰস্তাৱে বিশেষ তাত্পৰ্য 
ডিব্ৰুগড়ৰ পৌৰ বিষয়াসকলে সূচল নগৰীয় যাতায়াতৰ বাবে সুসংগঠিত পাৰ্কিং আন্তঃগাঁথনিৰ অভাৱক এক প্ৰধান প্ৰত্যাহ্বান হিচাপে চিহ্নিত কৰি আহিছে। যদিহে ৰেল মন্ত্ৰালয়ে সেউজ সংকেত দিয়ে, তেন্তে প্ৰস্তাৱিত এই ব্যৱস্থাই মহানগৰৰ বাবে এক গুৰুত্বপূৰ্ণ দিশ হিচাপে বিবেচিত হব।