...

আইফোন ! আইফোন ! আইফোন !

Spread the love

চীনক পিছ পেলালে ভাৰতে

চাইন অন ডেক্সঃ

এপল ইনকৰ্পৰেটেডে সদৰি কৰা অনুসৰি, ২০২৪ৰ মাৰ্চৰ পৰা
আইফোন উৎপাদনৰ ক্ষেত্ৰত চীনক চেৰ পেলালে ভাৰতে। শেহতীয়াকৈ এক প্ৰতিবেদনত পোহৰলৈ আহিছে এই তথ্য। এপল ইনকৰ্পৰেটেডে সদৰি কৰা অনুসৰি, ২০২৪ৰ মাৰ্চৰ পৰা ২০২৫ৰ মাৰ্চলৈকে ভাৰতত উতপাদন হোৱা প্ৰায় ২২বিলিয়ন ডলাৰৰ আইফোন বিক্ৰী কৰিছে। পূৰ্বতকৈ প্ৰায় ৬০শতাংশ বৃদ্ধি পোৱাৰ কথা সদৰি কৰিছে প্ৰতিষ্ঠানটোৱে।

কেলিফৰ্ণিয়াৰ কুপাৰটিনোৰ মুখ্য কাৰ্যালয় থকা কোম্পানীটোৱে এতিয়া দক্ষিণ এছিয়াৰ দেশখনত নিজৰ বহুমূলীয়া আইফোনৰ ২০% অৰ্থাত প্ৰতি পাঁচটাৰ ভিতৰত এটা নিৰ্মাণ কৰে বুলি সদৰি কৰিছে এই প্ৰতিবেদত।

ভাৰতৰ মুঠ উৎপাদনৰ ভিতৰত এপলে ২০২৫ চনৰ মাৰ্চলৈকে বিত্তীয় বৰ্ষত ভাৰতৰ পৰা ১.৫ ট্ৰিলিয়ন টকা (১৭.৪ বিলিয়ন ডলাৰ) আইফোন ৰপ্তানি কৰিছিল বুলি বিভাগীয় সূত্ৰই সদৰি কৰিছে। ইফালে, ফেব্ৰুৱাৰী মাহত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তথাকথিত “পাৰস্পৰিক” শুল্কৰ পৰিকল্পনা ঘোষণা কৰাৰ পিছত ভাৰতৰ পৰা আমেৰিকালৈ আইফোনৰ চালান ত্বৰান্বিত হৈছে বুলিও তথ্যত প্ৰকাশ পাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *