সমজিলা আয়ুক্ত কাৰ্য্যালয়ৰ আধাৰশিলা স্থাপন
দলগাঁৱত মন্ত্রী অশোক সিংহল
দলগাঁও,১৮ জুলাই:
আগতে বিৰোধী বিধায়কৰ সমষ্টিত উন্নয়ণৰ কাম সিমান হোৱা নাছিল । কিন্তু এতিয়া সকলোকে সমভাবে আগবঢ়াই নিয়াৰ বাবে চৰকাৰে কাম কৰিছে । দৰঙৰ দলগাঁও সমষ্টিত বিজেপি দলে কোনো দিনেই জিকিব নোৱাৰে বুলি জানিও মূখ্যমন্ত্রীয়ে ইয়াত সমজিলা দিছে । ইয়াৰ বিধায়ক মজিবৰ ৰহমান এজন ভাল আৰু ভদ্র মানুহ । জনপ্রতিনিধি ভাল হলে চৰকাৰে সহযোগ কৰিও ভাল পায় । ফলত ভাল ভাল কাম হয় ।দৰঙৰ দলগাঁৱত প্রশাসনৰ উদ্যোগত অনুষ্ঠিত এক ৰাজহুৱা সভাত এইদৰে কয় মন্ত্রী অশোক সিংহলে l উল্লেখ্য যে দলগাঁৱত নিৰ্মাণ হ’ব নতুন সম-জিলাৰ আয়ুক্ত কাৰ্যালয়। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা সু-পৰিকল্পিত এছ অ পি ডি- জি আঁচনিৰ অধীনত ২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই আৰ চি চি জি + ৪ মহলীয়া সম-জিলা কাৰ্যালয় ভৱনটোৰ আধাৰশিলা আনুষ্ঠানিকভাৱে স্থাপন কৰে দৰং জিলাৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী সিংহলে ।দলগাঁৱৰ ৰাইজৰ দীৰ্ঘদিনীয়া আশা-আকাংক্ষাক বাস্তৱ ৰূপ দিয়া এই আধাৰশিলা স্থাপন অনুষ্ঠানত মন্ত্ৰীগৰাকীক গৌৰৱময় উপস্থিতিৰে সংগ দিয়ে পশুপালন আৰু পশুচিকিৎসা, মীন বিভাগৰ মন্ত্ৰী নিলিমা দেৱী, দলগাঁও বিধান সভা সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমান আৰু দৰং জিলাৰ জিলা আয়ুক্ত আয়ুষী জৈনে। এই নতুন কাৰ্যালয়খনে অঞ্চলটোৰ জনসাধাৰণক প্ৰশাসনিক সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত এক নতুন গতি প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰি মন্ত্রী সিংহলে আৰু কয় যে দলগাঁৱত অতি শীঘ্রে এশ বিছনাযুক্ত চিকিৎসালয় নির্মান কৰা হ’ব । ইয়াত মাতৃ আৰু নৱজাতকৰ মৃত্যুৰ হাৰ উদ্বেগজনকভাৱে বেছি হৈ আছে। এই সমস্যাৰ সমাধানৰ বাবে প্ৰথম আৰু দ্বিতীয় সন্তান জন্ম দিয়াৰ মাজত কমেও দুটা বছৰৰ ব্যৱধান বজাই ৰখাটো অতি প্ৰয়োজন বুলি তেওঁ পৰামৰ্শ আগবঢ়ায়। স্বাস্থ্যৰ প্রতি সজাগ হৈ থকাৰ পৰামর্শ প্রদান কৰি সকলোকে অসুস্থ হোৱাৰ পূর্বে সুস্থ হৈ থকাৰ বাবে বেয়া অভ্যাস এৰি , যোগ , ব্যায়াম কৰি থাকিবলৈ আহ্বান জনায় । শাক-পাচলিত অত্যাধিক বিষাক্ত সাৰ প্ৰয়োগৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে অধিক বিষাক্ত সাৰ ও কীটনাশক দিয়া এই শাক-পাচলিসমূহৰ পৰীক্ষণৰ ব্যৱস্থা শীঘ্ৰেই বিভাগীয় কৰ্তৃপক্ষই কৰিব । ঠাই খন যাতে বদনামী নহয় তাৰ বাবে ইয়াৰ এজনেও যাতে বিষাক্ত সাৰ প্রয়োগ নকৰে তাৰ প্রতি সচেতন হবলৈ আহ্বান জনায় । সভাত মন্ত্রী নিলিমা দেৱীয়েও ভাষণ প্রদান কৰি চৰকাৰৰ কাম কাজত ইতিবাচক সহযোগ কৰিবলৈ ৰাইজক
আহ্বান জনায় । ভাষণ প্রসংগত স্থানীয় বিধায়ক
মজিবৰ ৰহমানে ক্ষোভ উজাৰি কয় দলগাঁও বাসী
ৰাইজে মহকুমাৰ দাবীত আন্দোলন কৰি নির্যাতিতও হৈছিল।মই বিধায়ক হোৱাৰ পিছত মোৰ মাত্র এটা অনুৰোধতে মূখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই দলগাৱক সম জিলা ঘোষণা কৰি ইয়াৰ ৰাইজৰ আবেগক সন্মান জনাইছে।