বানাক্ৰান্তক ‘মন্থন’ৰ সাহায্য প্ৰদান
চাইন অন ডেস্ক,২৯জুলাই:
ডিব্ৰুগড়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ এক উমৈহতীয়া মঞ্চ ‘মন্থন’ৰ উদ্যোগত বানপীড়িত ৰাইজক সাহায্য প্ৰদান কৰা হয়। শিৱসাগৰ জিলাৰ বেতবাৰী অঞ্চলৰ গন্ধিয়া ন-পাম ,দ-গাওঁ, জোলা গাওঁ, লুঠুৰি চেতিয়া , কাকতিবাৰী
গাঁৱৰ ৰাইজৰ বাবে খাদ্য বস্তু পানী, চাউল, দাইল, চানা, ছয়াবিন, গা ধোৱা চাবোন, চাৰ্ফ, কেঁচুৱাৰ কাপোৰ, হাফপেণ্ট, চেনিটাৰি পেড, অন্তবাস, চাৰ্ট, টি-চাৰ্ট, লংপেণ্ট,
বিছনা চাদৰ, মেখেলা চাদৰ, গেঞ্জি, ইউনিফৰ্ম, আঁঠুৱা, ফেনাইল, ব্লিচিং পাউডাৰকে ধৰি কিছু সামগ্ৰী বিতৰণ কৰা হয়। দুই লক্ষাধিক টকাৰ মূল্যৰ সাহায্য বিতৰণত সহযোগিতা আগবঢ়োৱা সকলোৰে প্ৰতি মন্থনে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। এশটা পৰিয়ালক এই সাহায্য প্ৰদান কৰি মন্থনে উল্লেখযোগ্য ভূমিকা পালন কৰিছে বুলি বানপীড়িত ৰাইজে জনাইছে। শিক্ষক-শিক্ষয়িত্ৰীসকলৰ এক উমৈহতীয়া মঞ্চ ‘মন্থন’ৰ এই প্ৰয়াস প্ৰশংসনীয়। উল্লেখযোগ্য যে মন্থনে সাহায্য সংগ্ৰহ কৰিবলৈ সুৰ বাহিনী গঠন কৰি বিশেষ সমাদৰ লাভ কৰে।