ডিব্ৰুগড়ত জিলা পৰ্যায়ৰ আন্তঃ ক্লাব কাৰাটে প্ৰতিযোগিতা
১৭ একাডেমীৰ ৩০০ৰো অধিক খেলুৱৈৰ অংশগ্ৰহণ
চাইন অন ডেস্ক,২০জুলাই:
সদৌ অসম কাৰাটে সন্থাৰ নীতি-নিৰ্দেশনা অনুসৰি ডিব্ৰুগড় জিলা কাৰাটে সন্থাৰ উদ্যোগত দেওবাৰে ডিব্ৰুগড়ৰ মিলননগৰস্থিত ইনড’ৰ ষ্টেডিয়ামত দিনজোৰা কাৰ্যসূচীৰে জিলা পৰ্যায়ৰ আন্তঃ ক্লাব কাৰাটে প্ৰতিযোগিতা সফলতাৰে অনুষ্ঠিত হয়।প্ৰতিযোগিতাখনত ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ ১৭খন আগশাৰীৰ কাৰাটে একাডেমীৰ প্ৰায় ৩০০ৰো অধিক নবীন আৰু প্ৰতিভাৱান খেলুৱৈয়ে অংশগ্ৰহণ কৰি নিজৰ দক্ষতা প্ৰদৰ্শন কৰে। উৎসাহ-উদ্দীপনাৰে ভৰা উদ্বোধনী অনুষ্ঠানৰ জৰিয়তে প্ৰতিযোগিতাখনৰ শুভাৰম্ভ কৰা হয়।
এই প্ৰতিযোগিতাখন খেলুৱৈসকলৰ বাবে বিশেষ তাৎপৰ্যপূৰ্ণ। কাৰণ, ইয়াত পদক অৰ্জন কৰা খেলুৱৈসকলে পৰৱৰ্তী সময়ত ডিব্ৰুগড়তে অনুষ্ঠিত হ’বলগীয়া জ’নেল কাৰাটে চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব। লগতে জ’নেল প্ৰতিযোগিতাত সফলতা অৰ্জন কৰা খেলুৱৈসকলে ৰাজ্যিক পৰ্যায়ৰ কাৰাটে প্ৰতিযোগিতাত ডিব্ৰুগড় জিলাক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিব বুলি জিলা কাৰাটে সন্থাৰ সম্পাদক অঞ্জন চেতিয়াই জানিবলৈ দিয়ে।
অনুষ্ঠানৰ এক বিশেষ মুহূৰ্তত ডিব্ৰুগড় জিলাৰ ক্ৰীড়া বিষয়া ছেমী শইকীয়াক ক্ৰীড়া ক্ষেত্ৰলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ স্বীকৃতি স্বৰূপে ডিব্ৰুগড় জিলা কাৰাটে সন্থাৰ
তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। জিলাখনত বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা আৰু কাৰ্যসূচীৰ সফল আয়োজনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক ক্ৰীড়াৰ প্ৰতি অধিক আগ্ৰহী কৰি তোলাত তেওঁৰ ভূমিকাৰ শলাগ লোৱা হয়।ইয়াৰ উপৰি সদৌ অসম কাৰাটে সন্থাৰ প্ৰধান সম্পাদক আদৰ্শ চৌধুৰীকো তেওঁৰ দূৰদৰ্শী নেতৃত্ব আৰু সংগঠন শক্তিৰ বাবে ধন্যবাদ জ্ঞাপন কৰা হয়। তেওঁৰ নেতৃত্বত অসমৰ কাৰাটে জগতখনে ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম আৰু বিশেষ মৰ্যাদা অৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি সন্থাৰ বিষয়ববীয়াসকলে মন্তব্য কৰে।অনুষ্ঠানত ডিব্ৰুগড়ৰ মেয়ৰ ডা° সৈকত পাত্ৰ, লায়ন্স ক্লাবৰ ডা° শান্তনু লহকৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° পৰমানন্দ সোনোৱাল, অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় পঞ্জীয়ক ড° পংকজ বৰঠাকুৰ, অধ্যাপিকা নমী বৰুৱা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ক্ৰীড়া বিষয়া
ড° মণ্টু বড়ো,ড° দ্বীপ জ্যোতি গগৈ আদি লগতে
ডিব্ৰুগড় জিলা কাৰাটে সন্থাৰ সভাপতি নিৰেণ ফুকন, কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ বিষয়ববীয়াসকল, বিভিন্ন একাডেমীৰ প্ৰশিক্ষক, প্ৰতিযোগী খেলুৱৈ, অভিভাৱক-অভিভাৱিকাসকলৰ লগতে বহুসংখ্যক ক্ৰীড়াপ্ৰেমী ৰাইজ উপস্থিত থাকে।
Like this:
Like Loading...