...

উৎসৱ মুখৰ পৰিৱেশত ডিব্ৰুগড়ত সাংস্কৃতিক মহাসভা অসম

উৎসৱ মুখৰ পৰিৱেশত ডিব্ৰুগড়ত সাংস্কৃতিক মহাসভা অসম

১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

চাৰি গৰাকী শিল্পী-সংগঠকক সম্বৰ্ধনা

চাইন অন ডেস্ক,২নৱেম্বৰ:

সংস্কৃতি সমন্বয়ৰ সোপান এই মূলমন্ত্ৰকে সাৰোগত কৰি ২০০৯ চনত গোলাঘাটত প্ৰতিষ্ঠা লাভ কৰা সাংস্কৃতিক মহাসভা অসমৰ ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস যোৱা ১নৱেম্বৰত ডিব্ৰুগড় জিলাৰ,চৌকিডিঙীৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আৰু সদৰ আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত পুৱা মহাসভাৰ পতাকা উত্তোলন কৰে জিলা সমিতিৰ সভাপতি ঘনকান্ত ভূঞাই। পতাকা উত্তোলন কাৰ্য্যসূচীত সহযোগিতা আগবঢ়াই সদৰ আঞ্চলিক সমিতিৰ উপদেষ্টাদ্বয় মৃদুল শৰ্মা আৰু ভীম বাহাদুৰ চেত্ৰীৰ লগতে জিলা সমিতিৰ উপদেষ্টা ডাঃ বিপিন্দ্ৰ নাথ কাকতি, উপ-সভাপতি সুৰজিতা সন্দিকৈ গগৈ, বিশিষ্ট সমাজকৰ্মী দিলীপ শৰ্মাৰ লগতে জিলা সমিতিৰ সাধাৰণ সম্পাদক চন্দনজ্যোতি কলিতাৰ লগতে অন্যান্য সকলে।
ডিব্ৰুগড় সদৰ আঞ্চলিক সমিতি আৰু জিলা সমিতিৰ বিষয়ববীয়া সকল ক্ৰমে টুটুমণি বৰুৱা, চিত্ৰা দেৱী,নমিতা বৰুৱা, আৰিফা বেগম, সুৰজিতা সন্দিকৈ, সুবোধ বৰুৱা, শান্তনা শৰ্মা বৰুৱা, কুমুদ ৰঞ্জন দাস
নিশা শেনচোৱা, মঞ্জু গগৈ,পুষ্পা বকুলচৰীয়া,ৰীতা শইকীয়া,ৰীণা দাস আদিয়ে, সদৰ আঞ্চলিক সমিতিৰ সাংস্কৃতিক সম্পাদক মীৰ্জা নিয়ামুদ্দিন আহমেদৰ পৰিচালনাত পতাকা উত্তোলনৰ গীত পৰিৱেশনৰ পিছতেই সাংস্কৃতিক মহাসভা অসমৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত শঙ্কৰ দাস, প্ৰতিষ্ঠাপক সম্পাদক বদন শৰ্মা, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আৰু শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে ডাঃ বিপিন্দ্ৰ নাথ কাকতিৰ উপৰিও, জিলা সমিতিৰ উপদেষ্টা কৃষ্ণ কান্ত বড়াৰ লগতে উপস্হিত ৰাইজে।
শিশু সকলৰ মানসিক উৎকৰ্ষ সাধনৰ লগতে সাংস্কৃতিক মহাসভা অসমক ৰাইজৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াসেৰে প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত দুটা শাখাত আয়োজন কৰা জিলা ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতাত ডিব্ৰুগড় মহানগৰ আৰু উপকণ্ঠ অঞ্চলৰ লগতে সমীপৱৰ্তী চৰাইদেউ আৰু তিনিচুকীয়া জিলাৰ বিভিন্ন স্থানৰ পৰা অহা ডেৰ শতাধিকতকৈয়ো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতা খনি শুভ উদ্বোধন কৰে ডিব্ৰুগড় জিলা সমিতিৰ কাৰ্যকৰী সভাপতি ডঃ হেমন্ত কুমাৰ দাসে।
মুঠ দহ গৰাকী প্ৰতিযোগীক পুৰস্কৃত কৰাৰ উপৰিও অংশ গ্ৰহণ কৰা প্ৰতিগৰাকী প্ৰতিযোগীক মানপত্ৰ প্ৰদান কৰা হয়।
জিলা সমিতিৰ সভাপতি ঘনকান্ত ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে ক্ৰমে জিলা সমিতিৰ কাৰ্যকৰী সভাপতি ডঃ হেমন্ত কুমাৰ দাস, বিশিষ্ট সুৰকাৰ -গীতিকাৰ -গায়ক ৰাজেন গোহাঁই, জিলা সমিতিৰ উপদেষ্টা তথা নাহৰকটীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক কুসুম্বৰ টাইৰাই গগৈ, ডঃ চুলতানা হাজৰিকা, পৰম সন্মানীয় সদস্য ডঃ ৰঞ্জু ভট্টাচাৰ্য, মৃদুল শৰ্মা, ভীম বাহাদুৰ চেত্ৰী, কৃষ্ণ কান্ত বড়া, মনোজ কুমাৰ বৰুৱা আদি সন্মানীয় ব্যক্তি সকল। মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠানত চাৰি গৰাকী শিল্পী তথা সাংস্কৃতিক সংগঠক ক্ৰমে বোলছবি অভিনেত্ৰী ঝৰ্ণা শইকীয়া, সাংস্কৃতিক সংগঠক তথা জনজাতীয় লোক সংস্কৃতিৰ সাধক ডঃ দয়ানন্দ শ্বাহ, জকাই হাৰক পথাৰৰ বাঁহ-বেতৰ শিল্পী ভদ্ৰেশ্বৰ সোনোৱাল, লেজাই-কলাখোৱাৰ বৰদৈবামৰ খনিকৰ কনক চুতীয়াক সাংস্কৃতিক মহাসভা অসমৰ ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে সম্বৰ্ধনা জনোৱা হয়। নিশালৈ অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে বিশিষ্ট সুৰকাৰ -গীতিকাৰ -গায়িকা ডঃ ৰঞ্জু ভট্টাচাৰ্যই। অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্ধ্যাত বিভিন্ন সাংস্কৃতিক দলে দিহা নাম,বিয়া নাম আদি পৰিৱেশন কৰি উৎসৱ মুখৰ পৰিৱেশ কৰে বুলি জানিবলৈ দিছে ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক চন্দনজ্যোতি কলিতাই।

Leave a Reply

Your email address will not be published. Required fields are marked *