...

উপাসনা কলাকেন্দ্ৰত ড° ভূপেন হাজৰিকা গীতৰ আধাৰত

উপাসনা কলাকেন্দ্ৰত ড° ভূপেন হাজৰিকা গীতৰ আধাৰত

সৃষ্টিশীল নৃত্য প্রতিযোগিতা সম্পন্ন

চাইন অন ডেস্ক,২ নৱেম্বৰ:

ডিব্ৰুগড়ৰ অগ্রণী সাংস্কৃতিক কেন্দ্র উপাসনা কলাকেন্দ্ৰত ডিব্ৰুগড় জিলাৰ সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ উদ্যোগত আৰু বাণীপুৰ স্বৰ্ণ শাখা সাহিত্য সভাৰ সহযোগত ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ লগত সঙ্গতি ৰাখি তেখেতৰ গীতৰ আধাৰত সৃষ্টিশীল নৃত্য প্রতিযোগিতা দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অনুষ্ঠানত ডিব্রুগড় জিলা সাহিত্য সভাৰ অন্তৰ্গত শাখাসমূহে এই প্রতিযোগিতাত অংশগ্রহণ কৰে। অনুষ্ঠানৰ মুখ্য আহ্বায়িকা ঝর্ণা শইকীয়াই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি অতিথিসকলক আদৰণি জনায়। ডিব্রুগড় জিলা সাহিত্য সভাৰ সভাপতি বদন গগৈ, উপ-সভাপতি প্রশান্ত নেওগ, সম্পাদক ভাগ্যেশ্বৰ গগৈ, সহ-সম্পাদক অজিত বুঢ়াগোহাঁইকে ধৰি জিলাখনৰ শাখাসমূহৰ বিষয়ববীয়া আৰু বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। পুৱা ৯ বজাত পতাকা উত্তোলন কৰে টেঙাখাত মহাবিদ্যালয় অধ্যক্ষ যতীন্দ্র নাথে আৰু বন্তি প্রজ্বলনেৰে কাৰ্যৰ শুভাৰম্ভ কৰে ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সহ:সম্পাদক অজিত বুঢ়াগোহাঁই। স্থানীয় ভকতবৃন্দ আৰু আয়তীসকলৰ প্ৰাৰ্থনাৰে মঞ্চ মুকলি কৰা পিচতে সৃষ্টিশীল নৃত্য প্রতিযোগিতাত ড° ৰূপলেখা বৰবৰা, ড° নয়নমণি ফুকন প্রধান বিচাৰকৰূপে উপস্থিত থাকে। দর্শক বিচাৰক ৰূপে ৰাজকুমাৰ আগৰৱালা, অজিত বুঢ়াগোহাঁই আৰু ৰীণা ধলুৱা উপস্থিত থাকে।
প্রতিযোগিতাৰ অন্তত বঁটা বিতৰণী অনুষ্ঠান সম্পন্ন কৰা হয়। প্রতিযোগিতাত ছয়টা পুৰস্কাৰ প্ৰদান কৰা হয়। প্রতিযোগিতাত প্রথম স্থান লাভ কৰে চাবুৱা শাখা সাহিত্য সভাৰ ‘ বৃষ্টি ফুকনে, দ্বিতীয় পুৰস্কাৰ লাভ কৰে পূৱ ডিব্রুগড় শাখা সাহিত্য সভাৰ অভিকা গগৈয়ে, তৃতীয় পুৰস্কাৰ লাভ কৰে ডিব্ৰুগড় শাখা সাহিত্য সভাৰ নাফিজা অঞ্জুমানে, চতুর্থ পুৰস্কাৰ লাভ কৰে নাওহলীয়া শাখা সাহিত্য সভাৰ অদিতি মেছ, পঞ্চম পুৰস্কাৰ লাভ কৰে লাহোৱাল শাখা সাহিত্য সভাৰ স্মৃতি বৰুৱাই আৰু বিচাৰকমণ্ডলীৰ পৰা বিশেষ বঁটা লাভ কৰে চাবুৱা শাখা সাহিত্যৰ ধৰিত্ৰী দিহিঙ্গীয়াই। অনুষ্ঠানৰ সাংস্কৃতিক উপ-সমিতিৰ সদস্যা নিভা বৰুৱা, নমিতা বৰুৱা, অঞ্জলী সোনোৱালৰ লগতে পূৰবী বৰুৱা, নিহাৰীকা শ্রুতিকৰ, কল্যাণী বৰুৱা আৰু উপাসনা কলাকেন্দ্ৰৰ সভাপতি দীপক কুমাৰ দত্ত, অধ্যক্ষ তৰুণ চন্দ্ৰ গগৈয়ে সক্রিয় সহযোগিতা আগবঢ়ায়।
উক্ত অনুষ্ঠান পৰিচালনা কৰে ড° দিব্যজ্যোতি বৰা আৰু লক্ষ্যহীৰা গগৈয়ে। অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়াই বাণীপুৰ শাখা সাহিত্য সভাৰ সভাপতি অজয় দত্তই।

Leave a Reply

Your email address will not be published. Required fields are marked *