...

গোলকগঞ্জত কাঠভৰ্তি পিক-আপ ভেন সহ চাৰি জন আটক

গোলকগঞ্জত কাঠভৰ্তি পিক-আপ ভেন সহ চাৰি জন আটক

আগমনি,১৭জুলাই:

বন ধ্বংসকাৰীৰ বিৰুদ্ধে ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষীৰ অভিযান। নিতৌ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৱা বনাঞ্চলৰ পৰা ধুবুৰীৰ গৌৰিপুৰ, বালাজান, গোলকগঞ্জ, আগমনি, হালাকুৰা আৰু ছাগলীয়া হৈ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে পশ্চিম বংগলৈ যায় কাঠ ভৰ্তি বাহন। যোৱা নিশা পশ্চিম বংগলৈ যোৱাৰ পথত চাৰিআলীৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গোলকগঞ্জ আৰক্ষীয়ে এ এছ ০১ চি ৫৯০৯ নম্বৰৰ ব’লেৰো পিক-আপ ভেন জব্দ কৰি বাহনখন ধুবুৰী বন বিভাগক গতাই দিয়ে । ইপিনে বাহনখনত থকা লোহাজানী গাঁৱৰ আইনুল হক, উত্তৰ ৰাইপুৰ গাঁৱৰ আশ্ৰাফুল হক, আব্দুল মালিক শ্বেইখ আৰু মজনু আহমেদক আটক কৰিছে । উল্লেখ্য যে, অসমৰ বন বিভাগে কাঠ মাফিয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও একাংশ দুষ্ট চক্ৰই বন ধ্বংস অব্যাহত ৰাখিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *