...

নীট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ বেদব্ৰত দাস

নীট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ

আদৰ্শ বিদ্যালয় দোকুচি’ৰ ছাত্ৰৰ সফলতাত বিদ্যালয়ত উলাহৰ বন্যা

নগৰবেৰা,১৭জুলাই:

কামৰূপৰ আদৰ্শ বিদ্যালয়, দোকুচি’ৰ ছাত্ৰ বেদব্ৰত দাসে নীট’২০২৬ (National Eligibility Cum Entrance Test(UG)) -2026 পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে।উল্লেখ্য যে বেদব্ৰত দাস আদৰ্শ বিদ্যালয় দোকুচি’ত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পঢ়িছিল। তেওঁ দশম শ্ৰেণীত(২০২৩) ত ৯৪.৬% আৰু দ্বাদশ শ্ৰেণীত(২০২৫) ত ৯৫.৪% ৰে শৈক্ষিক দিশত এক সুন্দৰ ধাৰা প্ৰদৰ্শন কৰিছিল।বেদব্ৰতৰ এই সফলতা তথা তেওঁৰ ভবিষ্যতৰ শৈক্ষিক আৰু পেছাদাৰী দিশটো সুফল হোৱাৰ কামনা কৰিছে আদৰ্শ বিদ্যালয় দোকুচি’ৰ অধ্যক্ষ ড° ৰমেন বায়ন সমন্বিতে শিক্ষক-শিক্ষয়িত্ৰী সকলে।

Leave a Reply

Your email address will not be published. Required fields are marked *