কানৈ মহাবিদ্যালয়ত প্ৰাণচঞ্চল প্রথম দিন
‘মই কানৈয়ান হলো’ শপত বাক্যৰে শ্ৰেণী শুভাৰম্ভ অনুষ্ঠান
চাইন অন ডেস্ক,১৬জুলাই:
‘তোমালোক আজিৰে পৰা কেৱল এই মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়েই নহয়, তোমালোক এই ঐতিহ্যমণ্ডিত প্রতিষ্ঠানটোৰ গৌৰৱোজ্জ্বল ইতিহাসৰ একো একোটা নতুন পৃষ্ঠা। তোমালোকৰ প্ৰতিটো খোজতে প্রতিধ্বনিত হওঁক মহাবিদ্যালয়খনৰ কাষেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নৈৰ দৰেই অবাধ গতি আৰু জ্ঞানৰ অপ্ৰতিৰোধ্য হেঁপাহ।’ ঐতিহ্যমণ্ডিত ডিব্ৰুগড় হনুমানবক্স সুজমল কানৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ স্নাতক প্রথম ষান্মাসিকৰ
ছাত্ৰ-ছাত্ৰীসকলৰ শ্ৰেণী শুভাৰম্ভ অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়াই আজি এইদৰে কয়। অধ্যক্ষগৰাকীয়ে কয় তোমালোক ইয়ালৈ কেৱল ডিগ্ৰী গ্ৰহণৰ বাবে অহা নাই, তোমালোক জীৱন গঢ়িবলৈ ইয়ালৈ আহিছা। ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি তেওঁ পুনৰ কয়— কেৱল ডিগ্রী লাভতেই সীমাবদ্ধ নাথাকি, প্ৰকৃতি আৰু সমাজৰ প্ৰতি দায়বদ্ধ হ’লেহে সমাজ সুন্দৰ হ’ব। পুৱা ৯ বজাত প্ৰতিটো বিভাগৰ তৰফৰ পৰা নৱাগত ছাত্ৰ-ছাত্ৰীসকলৰ হাতেৰে একোটাকৈ মহানিমৰ পুলি ৰোপন কৰি শুভাৰম্ভ হোৱা অনুষ্ঠানত অধ্যক্ষগৰাকীয়ে কয়— – শ্ৰেণী শুভাৰম্ভ অনুষ্ঠানৰ উদ্দেশ্য হ’ল— মহাবিদ্যালয়ৰ নিয়ম-শৃংখলা, পৰিৱেশ, পাঠ্যক্ৰম, পৰীক্ষা আৰু শৈক্ষিক সংস্কাৰৰ স’তে শিক্ষার্থীসকলক হৃদয়স্পর্শী কৰি তোলা। মহাবিদ্যালয়খনৰ ইতিহাস সম্পর্কেও অধ্যক্ষগৰাকীয়ে বিৱৰি কয়। উল্লেখ্য যে অতি ব্যতিক্রমী,
উদ্ভাৱনীমূলকভাৱে আজি এই শ্রেণী শুভাৰম্ভ কৰা অনুষ্ঠানত নতুন শিক্ষাৰ্থীসকলক “মই আজিৰ পৰা কানৈয়ান হ’লো, কানৈয়ান হিচাপে গৌৰৱবোধ কৰিছোঁ’ শীর্ষক এক চেলফি পইন্ট তৈয়াৰ কৰি সকলোকে ফটো গ্ৰহণ কৰাৰ লগতে শপত বাক্য পাঠ কৰোৱা হয়। ইয়াৰ পিছতে কিউ আৰ ক’ডৰ জড়িয়তে প্ৰ-পত্ৰ পূৰণ কৰিবলৈ দি আজিৰ পৰা চাৰি বছৰৰ পিছত তেওঁলোকে নিজকে কেনে স্থানত বা ক’ত থকাতো বিচাৰে, সেই সম্পৰ্কে প্ৰতিজন শিক্ষাৰ্থীৰ পৰা তথ্য সংগ্ৰহ কৰা হয় । উল্লেখ্য যে অনুষ্ঠানত মহাবিদ্যালয়খনত সম্পূৰ্ণ প্ৰযুক্তি পদ্ধতিৰে কিউ আৰ ক’ড ভিত্তিক কেম্পাছ ভ্ৰমণ তথা অন্বেষণৰ সুযোগ দিয়া হয়। ছাত্ৰ-ছাত্ৰীসকলক কৃত্রিম বুদ্ধিমত্তাৰ ব্যৱহাৰ আৰু মহাবিদ্যালয়খনত ইয়াৰ সা-সুবিধা ইত্যাদি বিষয়ে ছুটী ছবিৰে প্ৰদৰ্শন কৰা হয়। মহাবিদ্যালয়খনৰ জ্যেষ্ঠ অধ্যাপক ড° মৃদুল শৰ্মাই নতুন শিক্ষানীতি-২০২০ ৰ আধাৰত উচ্চশিক্ষাৰ গুৰুত্ব, ভূমিকা, পাঠ্যক্রম, দক্ষতা বিকাশ আদি বিভিন্ন বিষয়ৰ লগতে অন্যান্য বিদ্যায়তনিক দিশত সলসলিয়াকৈ, অতি সহজভাৱে নৱাগত ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰে। শৈক্ষিক পৰিষদৰ সদস্য সচিব ড° জ্যোতি প্ৰসাদ ফুকনে কানৈ মহাবিদ্যালয়ে অনলাইন ছাত্র একতা সভাৰ নিৰ্বাচন, অনলাইন শ্রেণীত উপস্থিতি, কাগজবিহীন প্রশাসনিক ব্যৱস্থা, চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে কৰ্মবন্ধু এপ, শ্ৰেণীকোঠাত কৃত্রিম বুদ্ধিমত্তা সংযোজিত শেহতীয়া উদ্ভাৱনৰ স্মাৰ্ট ব’ৰ্ড, শ্রেণীকোঠাত বৈদ্যুতিক চেঞ্চৰকে ধৰি বিভিন্ন দিশত পৃথিৱীৰ ভিতৰতে প্ৰযুক্তিৰ দিশত কেনেকৈ উত্তৰণ ঘটাই আগুৱাই গৈছে সেই বিষয়ে নৱাগত ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত সমাজতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপিকা কৰিশ্মা জেকে বৈষ্ণৱীয়ে স্বচ্ছতাৰ দিশত দেশৰ ভিতৰতে মহাবিদ্যালয়খনে কেনেকৈ সন্মান, বঁটাৰে সন্মানীত হৈছে সেই বিষয়ে আলোকপাত কৰে। মনকৰিবলগীয়া যে ঐতিহ্যপূৰ্ণ মহাবিদ্যালয়খনৰ চৌহদ নৱাগত শিক্ষাৰ্থীসকলৰ উপস্থিতিয়ে প্ৰাণ চঞ্চল হৈ পৰে আৰু নতুন প্ৰজন্মৰ কলৰৱত মহাবিদ্যালয়খন জীপাল হৈ পৰে। আজিৰ নতুন শিক্ষা বৰ্ষৰ পাঠদান কেৱল আৰম্ভণিয়ে নাছিল, বৰঞ্চ এইয়া আছিল শ শ নতুন প্ৰাণৰ এক বৌদ্ধিক আৰু শৈক্ষিক যাত্ৰাৰ শুভাৰম্ভ। ‘জ্ঞানেই শক্তি, জ্ঞানেই পোহৰ, এই মহৎ উক্তি সাৰোগত কৰি কানৈ মহাবিদ্যালয়ৰ প্ৰতিজন শিক্ষাৰ্থীক একোজন দায়বদ্ধ নাগৰিক হ’বলৈ সংকল্প লৈ আহিছে। আজিৰ এই শুভাৰম্ভণিও তাৰে এক অনন্য প্রতিফলন বুলিব পাৰি। মনকৰিবলগীয়া যে আজি নৱাগত শিক্ষাৰ্থীসকলৰ চকুত আছিল অলেখ সপোন আৰু মনত দেখা গৈছিল অপূৰ্ব শিহঁৰণ । আজিৰ এই কাৰ্যসূচীত বিভিন্ন বিভাগৰ অধ্যাপক-অধ্যাপিকাসকলক চিনাকী কৰাই দিয়া হয়। কানৈ মহাবিদ্যালয়ৰ এই নতুন তথ্য ব্যতিক্রমী কাৰ্যসূচীয়ে মহাবিদ্যালয়খনৰ ইতিহাসত এক সোণালী অধ্যায় হিচাপে লিপিবদ্ধ হৈ থাকিব বুলি আভ্যন্তৰীণ মান নির্ণায়ক কোষৰ সমন্বয়ক ড° দীপংকজ গগৈয়ে অৱগত কৰে। উল্লেখ্য যে কাইলৈ দ্বিতীয় দিনৰ বাবে পুনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মতবিনিময়ৰে এই কাৰ্যসূচী অনুষ্ঠিত হ’ব।
Like this:
Like Loading...