ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ চাবুৱা ভ্ৰমণ
শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ কাৰ্য্যালয় আৰু প্ৰতিষ্ঠাপিত স্থান পৰিদৰ্শন
চাইন অন ডেস্ক,১৬জুলাই:
অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালিৰে পৰা দুদিনীয়া কাৰ্য্যসূচীৰে ডিব্ৰুগড় জিলা ভ্ৰমণ কৰিছে আৰু তাৰে প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ ডিব্ৰুগড় জিলাৰ উদ্যোগিক 
বিশ্ববিদ্যালয়ৰ কতৃপক্ষৰ লগত হোৱা আলোচনাত ৰাজ্যপালক বিশ্ববিদ্যালয়খনে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে অৱগত কৰা হয়।
ৰাজ্যপাল মহোদয়ে বিশ্ববিদ্যালয় খনৰ নিৰ্মান কাৰ্য্য অতি সোনকালে শেষ কৰিবৰ কাৰণে লোকণিৰ্মান বিভাগক নিৰ্দেশ দিয়ে। বিশ্ববিদ্যালয় খনে সন্মুখীন হৈ থকা সমস্যা সমূহ সমাধান কৰিবলৈ ক্ৰীড়া বিভাগক নিৰ্দেশ দিব বুলি আশ্বাস দিয়ে। উক্ত পৰিদৰ্শনৰ সময়ত ৰাজ্যপালৰ লগত বিশ্ববিদ্যালয় খনৰ উপাচাৰ্য্য ড০ হীৰেন্দ্ৰ নাথ শৰ্মা, পঞ্জীয়ক পংকজ বৰঠাকুৰ, জিলা উন্নয়ন আয়ুক্ত নন্দিতা বৰুৱা, লোকণিৰ্মন বিভাগৰ বিষয়া সকল আৰু জিলা প্ৰশাসনৰ ভালেমান বিষয়া উপস্থিত থাকে।