বিদ্যালয় অচল হোৱাৰ আশংকা!
জিলা কৰ্মচাৰী পৰিষদৰ জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান
চাইন অন ডেস্ক,১১জুলাই:
আগন্তুক দিনত অনুষ্ঠিত হ’বলগীয়া লোকপিয়লৰ কৰ্মত ডিব্ৰুগড় জিলাৰ বহু শিক্ষকৰ নাম অন্তৰ্ভুক্ত হোৱাত বিদ্যালয়সমূহ চলাই যাবলৈ সমস্যাৰ সৃষ্টি হোৱাৰ আশংকা প্ৰকাশ কৰিছে ডিব্ৰুগড় জিলা কৰ্মচাৰী পৰিষদে। পৰিষদৰ মতে, এখন বিদ্যালয়ৰ সকলো শিক্ষকৰ নাম যদি লোকপিয়লৰ কৰ্মত অন্তৰ্ভুক্ত হয় তেন্তে সেই বিদ্যালয়খন অচল হৈ পৰাটো নিশ্চিত । ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীৰ শিক্ষাদানত বৃহৎ প্ৰভাৱ পৰিব। বিশেষকৈ 
দেবীকা দেৱীৰ নেতৃত্বত পৰিষদৰ এটা প্ৰতিনিধি দলে ডিব্ৰুগড়ৰ জিলা আয়ুক্তক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰে।
পৰিষদে স্মাৰক পত্ৰযোগে তেওঁলোকে লোকপিয়লৰ কৰ্মৰ পৰা বিদ্যালয়সমূহৰ কিছুসংখ্যক শিক্ষকক ৰেহাই দি বিকল্প ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে জিলা প্ৰশাসনক অনুৰোধ জনায়। লগতে শিক্ষাদান প্ৰক্ৰিয়া যাতে ব্যাহত নহয় তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ দাবী জনায়। উল্লেখ্য যে, লোকপিয়লৰ কৰ্ম ৰাষ্ট্ৰীয় কৰ্তব্য যদিও শিক্ষাৰ ক্ষেত্ৰত যাতে কোনো বিঘিনি নঘটে সেই বিষয়টো বিবেচনা কৰিবলৈ পৰিষদে দাবী জনাইছে। উল্লেখযোগ্য যে – প্ৰতিনিধি দলটোত প্ৰাক্তন জিলা সম্পাদক অনিল প্ৰসাদ সিংহ, ডিব্ৰুগড় জিলা মধ্য ইংৰাজী শিক্ষক সন্থাৰ সম্পাদক তৰ্পণ সোনোৱাল , পৰিষদৰ সহ সম্পাদক দিলীপ দাস, সোনেশ্বৰ দিহিংগীয়া, ৰূপালী ফুকন, ডিব্ৰুগড় আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি অশোক কুমাৰ মজুমদাই অংশগ্ৰহণ কৰে।