...

অসম ৰাজ্যিক সাংবাদিক সন্থাৰ গোলাঘাট জিলা সমিতিৰ বঁটা ঘোষণা

অসম ৰাজ্যিক সাংবাদিক সন্থাৰ গোলাঘাট জিলা সমিতিৰ বঁটা ঘোষণা

কাজিৰঙাৰ সাংবাদিক ৰঞ্জিত ৰজকলৈ ‘সংবাদ সেঁতু’
দ্বীপেন দত্তলৈ ‘সংবাদ গৌৰৱ’, আৰু প্ৰতাপ গগৈলৈ ‘গ্ৰাম্য সাংবাদিক বঁটা’

মহুৰামুখ,১০জুলাই:

অসম ৰাজ্যিক সাংবাদিক সন্থাৰ গোলাঘাট জিলা সমিতিয়ে নতুনকৈ প্ৰৱৰ্তন কৰা তিনিটা সাংবাদিক বঁটা ঘোষণা কৰিছে। জিলা সমিতিৰ সভাপতি পৰাগ বৰুৱা আৰু সম্পাদক পৱন কামানৰ স্বাক্ষৰিত এক প্ৰেছ বিবৃতিত উল্লেখ অনুসৰি প্ৰবীণ সাংবাদিক বিমল আগৰৱালা সোঁৱৰণী “সংবাদ সেঁতু বঁটা – ২০২৬” লাভ কৰিছে কাজিৰঙাৰ ‘নিয়মীয়া বাৰ্তা’ৰ জ্যেষ্ঠ সাংবাদিক তথা ‘নিউজ লাইভ’ৰ জ্যেষ্ঠ ব্যুৰো ছীফ

ৰঞ্জিত ৰজকে। ৰজকে ২০০৪ চনৰ পৰাই ধাৰাবাহিকভাৱে সক্ৰিয় সাংবাদিকতাৰ লগত জড়িত থাকি জিলাখনৰ লগতে বৃহত্তৰ অঞ্চলৰ কাজিৰঙাৰ সমাজৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিশত আগ ৰণোৱা হৈ কাম কৰি আছে। ৰজকে

অসম ছাত্ৰ পৰিষদৰ বোকাখাত সমষ্টি সমিতিৰ “শ্ৰেষ্ঠ যুৱ সাংবাদিকতা বঁটা”, “মুক্তি যোদ্ধা ডুম্বি কামান সোঁৱৰণী জিলা শ্ৰেষ্ঠ সাংবাদিক বঁটা-২০২১”, “শ্ৰেষ্ঠ সেৱাশ্ৰী,” “মুখ্যমন্ত্ৰী বঁটা -২০১১”, “গোলাঘাট গৌৰৱ-২০১৪ বঁটা”, জীৱন জোৰা সাধনা বঁটা-২০১৬” (আন্তৰাষ্ট্ৰীয়), “বনেশ্বৰ মহন্ত সোঁৱৰণী সাংবাদিক বঁটা”, “সাগৰ বৰা সোঁৱৰণি ইলেকট্ৰনিক মডিয়া গৰিমা বঁটা ২০২০”, “বন্য প্ৰাণী শ্ৰেষ্ঠ সংবাদ সেৱা বঁটা” কে ধৰি বহুকেইটা সংবাদ সেৱাৰ বঁটা লাভ কৰিছে।

ইপিনে ‘গোলাঘাট সংবাদ গৌৰৱ বঁটা-২০২৬’ লাভ কৰিছে গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক তথা ‘আমাৰ অসম’ কাকতৰ জ্যেষ্ঠ ষ্টাফ ৰিপৰ্টাৰ দ্বীপেন দত্তই। ৭৬ বছৰীয়া দত্তই সুদীৰ্ঘ ১৯৮৩ চনৰ পৰাই সক্ৰিয় সাংবাদিকতাৰ সৈতে জড়িত হৈ জিলাখনৰ সংবাদ ক্ষেত্ৰখনলৈ অনবদ্য অৱদান যোগাই আহিছে। তেখেত ২০১৭ চনৰ চৰকাৰী সাংবাদিক পেঞ্চনাৰো।

আনহাতে, উৰিয়ামঘাটৰ ‘দৈনিক জনমভূমি’ কাকতৰ উৰিয়ামঘাটৰ নিজা বাতৰি দিওঁতা প্ৰতাপ গগৈক সমাজকৰ্মী ‘মালিৰাম দলে সোঁৱৰণী গ্ৰাম্য সাংবাদিক বঁটা – ২০২৬’ৰ বাবে নিৰ্বাচিত কৰা হৈছে। গগৈয়ে অতি স্পৰ্শকাতৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ পৰা ১৯৮৯ চনৰ পৰাই সক্ৰিয় গ্ৰাম্য সাংবাদিকতাত ব্ৰতী হৈ আছে। বিশেষকৈ ২০১৪ চনত সীমান্তত নগা দুৰ্বৃত্তই অসমীয়া লোকৰ ঘৰ-দুৱাৰ অগ্নিসংযোগ কৰা আৰু অত্যাচাৰ চলোৱা ঘটনাৰ নিৰ্ভীক বাতৰি পৰিৱেশন কৰিবলৈ গৈ তেখেতে প্ৰাণৰ ভাবুকি তথা শাৰীৰিক অপদস্তৰো সন্মুখীন হৈছিল।

প্ৰেছ বিবৃতিত উল্লেখ অনুসৰি দুজনীয়া বঁটা প্ৰাপক নিৰ্বাচন স্বতন্ত্ৰ জুৰি সমিতিয়ে উক্ত বঁটা কেইটাৰ বঁটা প্ৰাপকৰ নাম বাছনি কৰি দিয়ে।
অহা ৮ আৰু ৯ আগষ্ট বোকাখাত অনুষ্ঠিত লবলগীয়া দ্বিতীয় ত্ৰি-বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত

নগদ ধন সম্বলিত উক্ত বঁটা কেইটা প্ৰদান কৰা হব বুলিও প্ৰেছ বিবৃতি উল্লেখ।

Leave a Reply

Your email address will not be published. Required fields are marked *