বিশ্ব হিন্দু সেৱা সংঘৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত
চাইন অন ডেস্ক,১০জুলাই:
বিশ্ব হিন্দু সেৱা সংঘ হৈছে সমগ্ৰ দেশৰ সকলো জাতি জনগষ্ঠীৰ মাজত সম্প্ৰীতি ,ঐক্যতা , সংস্কৃতি আৰু জাতীয় অস্তিত্ব সুৰক্ষাৰ বাবে অংগীকাৰবদ্ধতা বৰ্তাই ৰখাৰ এক সৰ্ববৃহৎ সেৱা সংঘ । সমগ্ৰ দেশৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যক সাঙুৰি বিশ্ব হিন্দু সেৱা সংঘই শেহতীয়াকৈ অসমতো সৰ্বতোপ্ৰকাৰৰ মানৱ জাতিৰ মঙ্গলৰ বাবে অংগীকাৰবদ্ধ হবলৈ কঁকালত টঙালি বান্ধিছে। তেনেস্থলত যোৱা ৯ জুলাইত গুৱাহাটী
মহানগৰী ৰূপ নগৰস্থিত অসম ৰাজ্যিক মুক্তি যুঁজাৰু ভৱনত বিশ্ব হিন্দু সেৱা সংঘৰ প্ৰথম খনি ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায় । বিশ্ব হিন্দু সেৱা সংঘৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক কোকিল কণ্ঠ গগৈৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা খনত উপস্থিত থাকে ৰাজ্যিক উপ সভাপতি ক্ৰমে ডঃ অৰবিন্দ ডেকা, বিবেকা ফুকন ৰাজ্যিক সম্পাদক ক্ৰমে ভদ্ৰেশ্বৰ চৰকাৰ , ৰঞ্জন মৰাণ আৰু চৈতলী ডি ছেত্ৰী, ৰাজ্যিক মুখপাত্ৰ শৰৎ গগৈ, নামনি অসম ৰাজ্যিক সাংগঠনিক সম্পাদক ত্ৰৈলোক্য পাঠক, উজনি অসমৰ ৰাজ্যিক ক্ৰীড়া সম্পাদক ক্ষিতীশ দেৱনাথ , ৰাজ্যিক সংস্কৃতিক সম্পাদক অনন্ত বৰগোহাঁই , ৰাজ্যিক কাৰ্যালয় সম্পাদক নবৰুন শৰ্মা, ৰাজ্যিক কাৰ্যনিৰ্বাহক শান্তনু বৰগোঁহাই তথা তিনিচুীয়া জিলা সমিতিৰ সভাপতি গোলাপ বৰুৱা, ডিব্ৰুগড় জিলাৰ উপ সভাপতি দিপমণি বৰগোহাঁই আৰু হেমন্ত সোণোৱাল তথা সাধাৰণ সম্পাদক লক্ষী বৰুৱা, কাৰ্বিআংলং জিলাৰ উপ’সভাপতি অনুপম টকবি আৰু সাধাৰণ সম্পাদক বীৰ সিং হানচে, সম্পাদক অমিত কেম্প্ৰাই , গোৱালপাৰা জিলাৰ উপসভাপতি ধিৰেশ্বৰ ৰয়, বঙাইগাঁও জিলাৰ উপসভাপতি মনোৰঞ্জন ৰায়, চিৰাং জিলাৰ সহ: সম্পাদক শশী মোহন ৰায়, কোকৰাঝাৰ জিলাৰ সহ: সম্পাদক হৰি শংকৰ বৰুৱা ডাঙৰীয়াকে আদি কৰি অসমৰ প্ৰায় দহ খন জিলাৰ অন্যান্য দায়িত্বত থকা বিষয়ববীয়া সকল । সভাত অনাগত দিনত
কেনেদৰে সাংগঠনিক দিশত সফল ভাৱে ৰূপায়ন কৰিব লাগে সেই সন্দৰ্ভত বিতং ভাৱে আলোচনা কৰা হয় । তাৰ উপৰিও সমগ্ৰ অসমত সামাজিক , সাংস্কৃতিক , অৰ্থনৈতিক , শৈক্ষিক আৰু আধ্যাত্মিক দিশ অধিক সুদৃঢ় কৰাৰ উপৰিও বিশ্ব হিন্দু সেৱা সংঘৰ উদ্দেশ্য আৰু লক্ষ্য সাফল্য মণ্ডিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়, সেৱা সংঘৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কোকিল কণ্ঠ গগৈয়ে। সভাত এক গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে অহা নৱেম্বৰ মাহত বিশ্ব হিন্দু সেৱা সংঘৰ প্ৰেৰণাৰ উৎস যোগী আদিত্য নাথক অসমলৈ অহাৰ পোষকতা কৰে । উক্ত অনুষ্ঠানত অসমৰ প্ৰতি খন জিলাৰ সদস্য সকলৰ সক্ৰীয় অংশ গ্ৰহণৰ লগতে সেৱা সংঘৰ জিলা সমিতি সমূহ পূৰ্ণাংগ তথা সক্ৰীয় কৰিবলৈ সভাত আহ্বান জনায় ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কোকিল কণ্ঠ গগৈয়ে।
Like this:
Like Loading...