তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগত প্ৰথম স্থান
বকুলতলা জাতীয় বিদ্যালয়ত কৃতি ছাত্ৰক উষ্ম সম্বৰ্ধনা
দৰং,৯জুলাই:
দৰং জিলাৰ শৈক্ষিক ক্ষেত্ৰখনত এক গৌৰৱোজ্জ্বল মুহূৰ্তৰ সৃষ্টি কৰি তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ স্নাতকোত্তৰ পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে বকুলতলাৰ মেধাৱী ছাত্ৰ ছাহিনুৰ ইছলামে। ছাহিনুৰৰ এই অসামান্য সফলতাই সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখ্য যে, ছাহিনুৰ ইছলাম বকুলতলা জাতীয় বিদ্যালয়ৰ এজন প্ৰাক্তন ছাত্ৰ। নিজৰ প্ৰাক্তন ছাত্ৰগৰাকীৰ এই ঈৰ্ষণীয় সফলতাত উৎফুল্লিত হৈ আজি বিদ্যালয় কৰ্তৃপক্ষই এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰি তেওঁক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে অতিকৈ আন্তৰিকতাৰে কৃতি ছাত্ৰগৰাকীক ফুলাম গামোচা, শৰাই, জাপি, সম্ভাষণ পত্ৰ আৰু স্মাৰক প্ৰদান কৰি সন্মানিত কৰে। অনুষ্ঠানত উপস্থিত থকা অতিথিসকলে নিজৰ ভাষণত কয় যে, ছাহিনুৰ ইছলামৰ এই সাফল্য কেৱল তেওঁৰ ব্যক্তিগত নহয়, বৰঞ্চ ই বকুলতলা জাতীয় বিদ্যালয় আৰু সমগ্ৰ দৰং জিলাৰে গৌৰৱ। তেওঁৰ অধ্যৱসায়, নিষ্ঠা আৰু একাগ্ৰতাই আজিৰ নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক শক্তিশালী প্ৰেৰণাৰ উৎস হৈ পৰিছে বুলিও বক্তাসকলে মত প্ৰকাশ কৰে। সফলতাৰ শিখৰত আৰোহণ কৰা ছাহিনুৰ ইছলামে ভৱিষ্যতেও শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত আগবাঢ়ি গৈ ৰাজ্যৰ লগতে দেশৰ নাম উজ্বলাই তুলিব বুলি বিদ্যালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰে। প্ৰাক্তন ছাত্ৰগৰাকীৰ এই উজ্জ্বল সাফল্যত বৰ্তমান অঞ্চলটোত আনন্দৰ লহৰ বিয়পি পৰিছে।
Like this:
Like Loading...