ঢকুৱাখনাত উৎখাত নাৰী দেহ ব্যৱসায়ৰ ঘাটি
৪ যুৱক-যুৱতীসহ মহিলাক আটক
ঢকুৱাখনা,৯জুলাই:

ঢকুৱাখনা আৰক্ষীৰ।ড্ৰাগছকে ধৰি বিভিন্ন অপৰাধৰ বিৰুদ্ধে তৎপৰ হৈ থকা ঢকুৱাখনা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰিয়ব্রত গগৈৰ নেতৃত্বত আজি এটা নাৰী দেহ ব্যৱসায়ীৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হয়। বৃহস্পতিবাৰে দুপৰীয়া এক গোপন খবৰৰ ভিত্তিত আৰক্ষী বিষয়া প্ৰিয়ব্রত গগৈৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই ঢকুৱাখনা নগৰৰ সমীপৱৰ্তী ভালুকাগুৰিত।অভিযান চলাই আৰক্ষীৰ দলটোৱে জোনালী গোহাঁই নামৰ এগৰাকী মহিলাৰ গৃহত দীৰ্ঘদিনৰ পৰা চলি থকা নাৰী দেহ দেহ ব্যৱসায়ৰ ঘাটিতো উৎখাত কৰিবলৈ সক্ষম হয়। ভলুকাগুৰিৰ মহিলাগৰাকীৰ গৃহত দেহ ব্যৱসায় চলোৱাৰ তথ্য লাভ কৰিয়েই ঢকুৱাখনা আৰক্ষীৰ দলটোৱে 
ধৃত আটাইকেইজনকে জেৰা অব্যাহত ৰাখিছে ঢকুৱাখনা আৰক্ষীয়ে।জানিব পৰা

অৱশ্যে আজি বিশেষ সূত্ৰৰ আধাৰত আৰক্ষীয়ে গৃহটোত অভিযান চলাই এই নাৰী দেহ ব্যৱসায় চক্ৰটো উৎখাত কৰিবলৈ সক্ষম হয়।আনহাতে আৰক্ষীৰ এই কাৰ্যক স্থানীয় লোকে প্ৰংশসা কৰাৰ লগতে শলাগ লয়।