ফকিৰাগ্ৰামত আৰক্ষীৰ বৃহৎ সফলতা
৬১০ গ্ৰাম গাঞ্জাসহ এজনক আটক
দোতমা,৯জুলাই:
সমগ্ৰ ৰাজ্যতে নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে কঠোৰ পদক্ষেপ লোৱাৰ লেখিয়াকৈ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম আৰক্ষীয়ে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে চলোৱা এক অভিযানত আজি গাঞ্জা সৰবৰাহৰ অভিযোগত এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত ব্যক্তিজনৰ পৰা আৰক্ষীয়ে ৬১০ গ্ৰাম গাঞ্জা জব্দ কৰিছে বুলি জানিব পৰা গৈছে । আজি এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই ফকিৰাগ্ৰাম বজাৰত দীৰ্ঘ দিনৰ পৰা গোপোনে গাঞ্জা বিক্ৰি কৰি অসামাজিক কাৰ্যকলাপ চলি থকাৰ এক গোপন খবৰ লাভ কৰিছিল আৰক্ষীয়ে। এই খবৰৰ ভিত্তিত ফকিৰাগ্ৰাম আৰক্ষীৰ এটা দলে আজি বৃহস্পতিবাৰৰ পুৱা প্ৰায় ১১:৩০ বজাত এক অভিযান চলাই উক্ত এজন ব্যক্তিক হাতে-লুটে আটক কৰে। ফকিৰাগ্ৰাম আৰক্ষীয়ে আটক কৰা ব্যক্তিজন কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত দিনগাঁও নিবাসী প্ৰয়াত টোকন নাথৰ পুত্ৰ মঞ্জিন নাথ বুলি চিনাক্ত কৰা হৈছে। ফকিৰাগ্ৰাম আৰক্ষীয়ে তেওঁৰ পৰা ৬১০ গ্ৰাম গাঞ্জা উদ্ধাৰ কৰাৰ লগতে তেওঁক সোধা-পোছাৰ বাবে থানালৈ লৈ আহে। আৰক্ষীয়ে এই সৰবৰাহৰ সৈতে জড়িত আন কোনো চক্ৰ আছে নেকি, সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। ইতিমধ্যে ধৃত ব্যক্তিজনৰ বিৰুদ্ধে আৰক্ষীয়ে এন ডি পি এছ (NDPS) আইনৰ অধীনত গোচৰ ৰুজু কৰি পৰৱৰ্তী আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
Like this:
Like Loading...