...

যুৱকে ছুইমিং পুলত নামিল গা ধুবলৈ !

যুৱকে ছুইমিং পুলত নামিল গা ধুবলৈ !

তাৰ পিছত,কি হল চাওঁক কমেন্ট বস্কত

চাইন অন ডেস্ক,৬জুলাই:

অত্যধিক গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ ছুইমিং পুললৈ যোৱাৰ পৰিকল্পনা কৰিছে নেকি? তেন্তে সাৱধান! অসাৱধান হ’লেই মুহূৰ্ততে খালী হ’ব পাৰে আপোনাৰ পকেট।ডিব্ৰুগড়ৰ বিলাসী এনভিক ল’নছৰ ছুইমিং পুলত দুই যুৱকৰ মোবাইল ফোন চুৰিৰ সমগ্ৰ ঘটনা চিচি টিভি কেমেৰাত বন্দী।ঘটনাৰ বিৱৰণি ডিব্ৰুগড় মহানগৰৰ বিলাসী তথা অত্যাধুনিক এনভিক ল’নছৰ ছুইমিং পুলত গা ধুবলৈ গৈ দুই যুৱকৰ মোবাইল ফোন চুৰি হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ছুইমিং পুলত গা ধুই থকাৰ সুযোগ লৈ অজ্ঞাত চোৰে তেওঁলোকৰ বেগৰ পৰা মোবাইল ফোন চুৰি কৰি পলায়ন কৰে। এই সমগ্ৰ ঘটনাটো ছুইমিং পুল চৌহদত সংস্থাপিত চিচি টিভি কেমেৰাত স্পষ্টভাৱে বন্দী হৈছে।
জানিব পৰা মতে, যুৱক দুজনে গা ধুবলৈ পানীত নামি থকাৰ সময়ত নিজৰ বেগ দুটা পুলৰ কাষতে থৈছিল। সেই সুযোগ লাভ কৰি এজন অজ্ঞাত ব্যক্তিয়ে বেগৰ ওচৰলৈ আহি কৌশলৰে মোবাইল ফোন দুটা উলিয়াই লৈ মুহূৰ্তৰ ভিতৰতে স্থান ত্যাগ কৰে।পিছত যুৱক দুজনে বেগৰ ভিতৰত মোবাইল ফোন নাপাই চিচি টিভি ফুটেজ পৰীক্ষা কৰাত সমগ্ৰ চুৰিৰ ঘটনাটো পোহৰলৈ আহে। ফুটেজত সন্দেহযুক্ত ব্যক্তিজনক বেগৰ কাষলৈ আহি মোবাইল ফোন লৈ আঁতৰি যোৱা স্পষ্টভাৱে দেখা গৈছে।ঘটনাৰ পিছতে ভুক্তভোগী যুৱক দুজনে আৰক্ষীৰ কাষ চাপি লিখিত অভিযোগ দাখিল কৰে। অভিযোগৰ ভিত্তিত আৰক্ষীয়ে চিচি টিভিৰ ফুটেজ সংগ্ৰহ কৰি তদন্ত আৰম্ভ কৰিছে।অভিযুক্ত ব্যক্তিক শীঘ্ৰে চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ লক্ষ্যৰে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।এই ঘটনাই ৰাজহুৱা বিনোদনস্থলী তথা ছুইমিং পুলসমূহত ব্যক্তিগত সামগ্ৰী অসুৰক্ষিতভাৱে এৰি থোৱাৰ বিপদৰ দিশটো পুনৰ এবাৰ ভবাই তুলিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *