কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হাতীখুলি ইংলে পথাৰত ভূমি উচ্ছেদ
তীব্ৰ বিৰোধিতা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ
চাইন অন ডেস্ক,৬জুলাই:

প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে, চাহ জনগোষ্ঠীৰ লোকসকলক নিৰ্বাচনৰ সময়ত কেৱল ভোট বেংক হিচাপেহে ব্যৱহাৰ কৰা হয়, কিন্তু তেওঁলোকৰ অধিকাৰ, ভূমি আৰু জীৱন-জীৱিকাৰ প্ৰশ্নত চৰকাৰ নীৰৱ হৈ থাকে। এই সন্দৰ্ভত চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা জনপ্ৰতিনিধিসকলৰ ভূমিকাক লৈও তীব্ৰ ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৱে।ইয়াৰ সমান্তৰালভাৱে আছাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব 
ইয়াৰ উপৰিও প্ৰকৃত জনজাতিৰ নামত OBC প্ৰমাণপত্ৰ প্ৰদান, আদিবাসী অধ্যুষিত বিদ্যালয়ত TET উত্তীৰ্ণ আদিবাসী শিক্ষক নিযুক্তি, শিক্ষানুষ্ঠানসমূহত আদিবাসী সাংস্কৃতিক পৰিচয়ক স্বীকৃতি, ডিব্ৰুগড় জিলাৰ বন্ধ হৈ থকা ATC-ৰ অধীনস্থ চাহ বাগিচাসমূহ পুনৰ মুকলি, আৰু কাজিৰঙা হাতী অভয়াৰণ্য সম্প্ৰসাৰণৰ ফলত ভূমি হেৰুৱা পৰিয়ালসমূহক ন্যায্য ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন কৰাৰ দাবীও উত্থাপন কৰা হয়।
সংগঠনটোৱে কয় যে, বহু বছৰ ধৰি এই দাবীসমূহ উত্থাপন কৰি অহাৰ পিছতো চৰকাৰে কোনো স্থায়ী সমাধান নিদিয়াত আদিবাসী সমাজ বঞ্চিত হৈ আহিছে। সেয়েহে চৰকাৰে শীঘ্ৰে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰি আদিবাসী সমাজৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধান কৰাৰ লগতে কাজিৰঙাৰ ভূমি উচ্ছেদৰ সিদ্ধান্ত পুনৰ্বিবেচনা কৰিব লাগিব বুলি সংগঠনটোৱে সকীয়াই দিয়ে।আদিবাসী জনগোষ্ঠীৰ ভূমি, অধিকাৰ আৰু সামাজিক সুৰক্ষাৰ দাবীত আছাৰ এই প্ৰতিবাদে চৰকাৰৰ দৃষ্টি কিমান দূৰলৈ আকৰ্ষণ কৰিব,নে আধাতে আন্দোলন সামৰিব সেয়াই এতিয়া লক্ষ্যণীয় হৈ পৰিছে।