ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ দাবী
১১ জুলাইত ডিব্ৰুগড়ত নাগৰিক অভিৱৰ্তন
চাইন অন ডেস্ক,৬জুলাই:

এই সন্দৰ্ভত এক সংবাদ মেলৰ জৰিয়তে এই নাগৰিক অভিবৰ্তনত ডিব্ৰুগড়ৰ সকলো সচেতন নাগৰিক, বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধি আদিৰ উপস্থিত কামনা কৰিছে। এসময়ত ১৮৮০ চনত ব্ৰিটিছসকলে স্থাপন কৰা ডিব্ৰুগড় নগৰী ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ ফলত দীৰ্ঘদিন ধৰি সংকটৰ সন্মুখীন হৈ আহিছে। ঐতিহাসিক, শৈক্ষিক, চিকিৎসা, বাণিজ্যিক আৰু সাংস্কৃতিক ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা ডিব্ৰুগড় নগৰত বৰ্তমানো গৰাখহনীয়াৰ ভয়াৱহ ভাবুকিৰ মাজতে আছে। বিশেষকৈ ডিব্ৰুগড় নগৰৰ বহু ওপৰেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল গঢ়াখহনীয়াই ইতিমধ্যে 
উল্লেখযোগ্য যে, এই কাৰ্যসূচীত সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা, সদৌ অসম টাই আহোম যুৱ পৰিষদ, চুতীয়া যুৱ সন্মিলন, ব্ৰহত্তৰ অসমীয়া যুৱ মঞ্চ, অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদকে ধৰি কেইবাটাও জাতীয়-জনজাতীয় সংগঠনে সহযোগিতা আগবঢ়াইছে। সংবাদমেলত মুখ্য আহ্বায়ক উদয় শংকৰ মহন, আহ্বায়ক বুধিন সোনোৱাল,সুব্ৰত শৰৎ হাজৰিকা,নিৰ্মল কান্তি শীল, দিব্যজ্যোতি গগৈ সহ বিষয়ববীয়া সকল উপস্থিত থাকে।