...

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বি.এড. নামভৰ্তি কেলেংকাৰী!

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বি.এড. নামভৰ্তি কেলেংকাৰী!

পলাতক কমলেশ্বৰ চুতীয়াৰ সন্ধানত আৰক্ষী

চাইন অন ডেস্ক,৬জুলাইঃ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বি.এড. পাঠ্যক্ৰমত আসন দিয়াৰ প্ৰতিশ্ৰুতিৰে ছাত্ৰ-ছাত্ৰীৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ উপ-সভাপতি মাধুৰ্য চেতিয়াক জেৰা কৰি আৰক্ষীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য লাভ কৰা বুলি জানিব পৰা গৈছে।
তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, মাধুৰ্য চেতিয়াৰ বেংক একাউণ্টৰ পৰা বিশ্ববিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ কমলেশ্বৰ চুতীয়াৰ বেংক একাউণ্টলৈ ধন স্থানান্তৰ কৰা হৈছিল বুলি আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে। এই তথ্যৰ পিছতে তদন্তৰ দিশ অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে।
উল্লেখ্য যে, কমলেশ্বৰ চুতীয়া পূৰ্বে ৰাজ্যজুৰি আলোড়ন তোলা আনন্দ শৰ্মা ৰেগিং কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল। এতিয়া বি.এড. পাঠ্যক্ৰমত নামভৰ্তিৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগতো তেওঁৰ নাম তদন্তত উত্থাপিত হৈছে।
আৰক্ষীৰ প্ৰাথমিক তদন্ত অনুসৰি, কমলেশ্বৰ চুতীয়াৰ নিৰ্দেশমতে মাধুৰ্য চেতিয়াই কেইবাজনো ছাত্ৰ-ছাত্ৰীৰ সৈতে যোগাযোগ কৰি ধন সংগ্ৰহ কৰিছিল। ইয়াৰ বিনিময়ত বি.এড. পাঠ্যক্ৰমত নিশ্চিতভাৱে আসন লাভ কৰাই দিয়া হ’ব বুলি আশ্বাস দিয়া হৈছিল বুলি অভিযোগ।
একাংশ ভুক্তভোগী ছাত্ৰ-ছাত্ৰীয়ে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ওচৰত লিখিত অভিযোগ দাখিল কৰাৰ পিছতে ঘটনাৰ তদন্ত আৰম্ভ হয়। তাৰ পিছত আৰক্ষীয়ে মাধুৰ্য চেতিয়াক গ্ৰেপ্তাৰ কৰি জেৰা চলোৱাৰ সময়ত এই নতুন তথ্যসমূহ পোহৰলৈ আহে।
ইফালে, এই ঘটনাৰ মূল অভিযুক্ত হিচাপে নাম উত্থাপিত হোৱা কমলেশ্বৰ চুতীয়া বৰ্তমান পলাতক বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে। সমগ্ৰ ধন সংগ্ৰহৰ জালৰ সৈতে আৰু কোন কোন ব্যক্তি জড়িত আছে, সেই দিশটোও আৰক্ষীয়ে তদন্ত কৰি আছে।
উল্লেখ্য যে, মাধুৰ্য চেতিয়া শেহতীয়াকৈ NSUI-সমৰ্থিত প্ৰাৰ্থী হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ উপ-সভাপতি পদত নিৰ্বাচিত হৈছিল।
উল্লেখযোগ্য যে, বৰ্তমান তদন্ত অব্যাহত আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *