...

ৰুদ্ৰ বৰুৱা সংগীত একাডেমীৰ ৰূপালী জয়ন্তী বৰ্ষৰ সফল সামৰণি

ৰুদ্ৰ বৰুৱা সংগীত একাডেমীৰ ৰূপালী জয়ন্তী বৰ্ষৰ সফল সামৰণি

ৰুদ্ৰ বৰুৱা বঁটা গুৱাহাটীৰ যশস্বী শিল্পী মনজ্যোৎস্না মহন্তক প্ৰদান

চাইন অন ডেস্ক,৬জুলাই:

সামৰণি পৰিল নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত পুৰণিগুদামৰ সু-সন্তান”লুইত কোঁৱৰ” ৰুদ্ৰ বৰুৱাৰ সোঁৱৰণত প্ৰতিষ্ঠা হোৱা “ৰুদ্ৰ বৰুৱা সংগীত একাডেমী”ৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ সফল সামৰণি।নগাঁৱৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান ‘অবিনশ্বৰ গোষ্ঠী’ৰ ব্যৱস্থাপনাত বিগত বৰ্ষৰ জুলাই মাহত শুভাৰম্ভ হোৱা ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান বিভিন্ন দুদিনীয়া বনাঢ্য কাৰ্যসূচীৰে সামৰণি পৰে।ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে ২০২৫-২৬ বৰ্ষৰ লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা বঁটা নগাঁৱৰ নিবাসী যশস্বী শিল্পী সূর্য কুমাৰ ৰাজা আৰু ২০২৬-২৭ বৰ্ষৰ লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা বঁটা গুৱাহাটী নিবাসী যশস্বী শিল্পী মনজ্যোৎস্না মহন্তক প্ৰদান কৰা হয়। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা “ৰুদ্ৰ বৰুৱা সংগীত একাডেমী”ৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানত প্ৰথম দিনা লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা গীতৰ প্ৰতিযোগিতা, দ্বিতীয় দিনা বিভিন্ন বঁটা প্ৰদান অনুষ্ঠানৰ লগতে একাডেমীৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত হয় বিভিন্ন সাংস্কৃতিক অনুষ্ঠান।ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠানত লুইত কোঁৱৰ ৰুদ্ৰ

বৰুৱাৰ সপৰিয়াল সহ নগাঁৱৰ সাংস্কৃতিক উন্নয়ন বিষয়া, অঞ্চলৰ গণ্যমান্য ব্যক্তি সকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *