বিলাসীপাৰাত চাঞ্চল্যকৰ ঘটনা
বিলাসীপাৰা SBI শাখাত ভয়ংকৰ চুৰি কাণ্ডৰ ঘটনা
বিলাসীপাৰা,৬জুলাই:
বিলাসীপাৰা চহৰৰ নাভিকেন্দ্ৰ স্বৰূপ SBI’ৰ শাখাত নিশা সংঘটিত হয় এক ভয়ংকৰ কাণ্ড।
ভেন্টিলেটৰ ভাঙি চোৰৰ দলে প্ৰবেশ কৰে বেংকৰ ভিতৰত।
চিচি টিভি’ৰ হাৰ্ট ডিস ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে আপডেড কৰা মেছিনৰো বিস্তৰ ক্ষতি সাধন কৰে।
পিছত বিলাসীপাৰা সমজিলা আৰক্ষী অধীক্ষক বিষয়াৰ নেতৃত্বত আৰক্ষীৰ দল এটাই বেংক পৰিদৰ্শন কৰি তদন্ত আৰাম্ভ কৰে।
তদন্তকাৰী আৰক্ষীয়ে জনোৱা মতে,বেংকটোৰ লো’ৰ বাকচ সমুহ অক্ষত থকাত টকা লৱ নোৱাৰা বুলি নিশ্চিত হৈছে।
আৰক্ষীয়ে ফৰেন্সিকৰ দল মাতি পঠিয়াইছে।
অৱশ্যে ফৰেন্সিকৰ দলৰ পৰীক্ষাৰ অন্তত বিষয়টোৰ সত্যতা পোহৰলৈ আহিব।
ইফালে চহৰখনৰ মাজমজিয়াত থকা বেংকটোত চোৰ সমোৱা বিষয়টো বিলাসীপাৰা থানাৰ আৰক্ষীৰ নিৰাপত্তা দিশটোৰ ফোপলা স্বৰূপটোকে উদঙাই দিয়াৰ অভিযোগ উঠিছে।