ডিব্ৰু-ছৈখোৱাৰ বনগাঁও দধীয়াত বানৰ বিভীষিকা
জীয়াই থকাৰ সংগ্ৰামত দধীয়াবাসী,প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ
বিভাস দুৱৰা,১জুলাই:
ডিব্ৰু-ছৈখোৱাৰ বনগাঁও দধীয়াত এতিয়া বানৰ বিভীষিকা।চৌদিশে কেৱল পানী আৰু পানী।অথচ,নাই এটুপিও বিশুদ্ধ খোৱাপানী।জীৱনৰ তাড়নাত এতিয়া ঘৰচীয়া জন্তুৰ সতে সহবাস মানুহৰ।নাই সাৰ্হায্য,নাই কোনো সহাৰি।সকলো যেন সপি দিছে অদৃশ্য জনৰ ওচৰত।হয়,এয়াই হৈছে দধীয়া চাপৰিৰ বৰ্তমানৰ এক জীৱন্ত ছবি।প্ৰায় ৩৪০ বৰ্গ কিলোমিটাৰ অঞ্চল বিস্তৃত হৈ থকা(ডিব্ৰুগড়-তিনিচুকীয়া জিলা)ডিব্ৰু-
ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বনগাঁও দধীয়াত বৰ্তমান বানপানীয়ে এক চৰম পৰ্যায়ৰ সংকটৰ সৃষ্টি কৰিছে। প্ৰকৃতিৰ ৰোষত পৰি অঞ্চলটোৰ সাধাৰণ জনজীৱন এতিয়া অচল হৈ পৰিছে। বিদ্যালয়ৰ পৰা আৰম্ভ কৰি মানুহৰ বাসগৃহলৈকে সকলো পানীত বুৰ যোৱাত দধীয়াবাসী এক অভাৱনীয় দুৰ্দশাৰ সন্মুখীন হৈছে। স্থানীয় ৰাইজে প্ৰকাশ কৰা মতে, বানৰ তীব্ৰ সোঁতত বহু দুখীয়া পৰিয়ালৰ ঘৰ-বাৰী ভাঙি চকুৰ সন্মুখতে, ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড সোঁতত উটি গৈছে, যাৰ ফলত তেওঁলোকে মুকলি আকাশৰ তলত আশ্ৰয় লৈ বিনিদ্ৰ ৰজনীত পাৰ কৰিব লগাত পৰিছে।এই ভয়াৱহ পৰিস্থিতিৰ মাজতে স্থানীয় ৰাইজে চৰকাৰ আৰু প্ৰশাসনৰ অৱহেলাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে। তেওঁলোকৰ মতে, বানৰ সময়ত প্ৰশাসনে প্ৰদান কৰা সাময়িক খাদ্য সামগ্ৰী বা পশুখাদ্যই ৰাইজৰ সমস্যাৰ স্থায়ী সমাধান দিব নোৱাৰে। জনসাধাৰণক

বানপানীৰ সমস্যাটো অকল নিৰ্দিষ্ট কোনো সমষ্টি বা অঞ্চলৰ ভিতৰতে সীমাবদ্ধ নহয়, বৰঞ্চ সমগ্ৰ দধীয়াবাসীয়ে প্ৰতি বছৰে এই নিৰ্যাতন ভোগ কৰিবলগীয়া হয়। চৰকাৰৰ শক্তিশালী কেবিনেট মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু কেশৱ মহন্তক অতি শীঘ্ৰে দধীয়ালৈ আহি বাস্তৱ পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে সংবাদ মাধ্যমৰ জৰিয়তে দাবী জনাইছে। বৰ্তমান দধীয়াবাসীয়ে কেৱল চৰকাৰী প্ৰতিশ্ৰুতিৰ পৰিৱৰ্তে বানমুক্ত জীৱন আৰু নিৰাপত্তাৰ প্ৰত্যাশাৰে চৰকাৰৰ সঁহাৰিলৈ অপেক্ষাৰত।