...

জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি পদত্যাগ!

জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি পদত্যাগ!

চাইন অন ডেস্ক,৩০জুনঃ

অসম জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি উদয়ন বৰুৱাৰ নাটকীয় পদত্যাগ। ব্যক্তিগত অসুবিধা হেতু উদয়ন বৰুৱাই সংগঠনটোৰ পৰা পদত্যাগ কৰি অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আৰু সম্পাদকলৈ পত্ৰ প্ৰেৰণ কৰিছে। অৱশ্যে বৰুৱাৰ পদত্যাগ এখন নাটক বুলি সংগঠনটোৰ মজিয়াত চৰ্চা হৈছে। প্ৰকৃততে তেওঁক অপসাৰণহে কৰা হৈছে। সংগঠনৰ নামত বিভিন্ন ৰাজহুৱা খণ্ডৰ পৰা অহাৰ বিত্তীয় সাহাৰ্য্য আৰু অনুষ্ঠান – ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা সংগ্ৰহ কৰা পূঁজি অপ্ৰব্যৱহাৰ কৰি সভাপতিগৰাকীয়ে অনিয়ম সংঘটিত কৰি অহা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে সংগঠনটোৰ ভিতৰচৰাত।একেটা ৰিচিভ বহী নম্বৰৰ বিপৰীতে অলেখ ব্যক্তিক ধন সংগ্ৰহ কৰা তথ্য প্ৰমাণ পোৱা গৈছে। যাৰবাবে তেওঁক অপসাৰণ কৰা বুলি জানিব পৰা গৈছে। ইতিমধ্যে সভাপতিগৰাকী ঠাইত সংগঠনৰ কাম – কাজ চলাই নিবলৈ উপদেষ্টা মণ্ডলীয়ে জিলা উপ-সভাপতি সনাতন বৰুৱাক দায়িত্ব অৰ্পন কৰিছে। এটা জিলা পৰ্য্যায়ৰ সংগঠনৰ মজিয়াত সংগঠিত হোৱা এনে কেতবোৰ বিষয়ৰ বাবেই সংগঠনটোৰ ভিতৰচৰাত যে অচলাৱস্থা সৃষ্টি হৈছে, সেইয়াৰ নিশ্চিত বুলি কব পাৰি।

Leave a Reply

Your email address will not be published. Required fields are marked *