...

ডিব্ৰুগড় জিলাত বান পৰিস্থিতিৰ আশংকা !

ডিব্ৰুগড় জিলাত বান পৰিস্থিতিৰ আশংকা !

জনসাধাৰণৰ বাবে সতৰ্কবাণী জাৰি

চাইন অন ডেস্ক,৩০জুন:

ডিব্ৰুগড় জিলাত বান পৰিস্থিতিৰ আশংকাজনক অৱস্থাৰ মাজতে জনসাধাৰণৰ বাবে সতৰ্কবাণী জাৰি কৰিছে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে। নদীৰ পানী দ্ৰুতগতিত বৃদ্ধি পোৱাত সকলোকে সাৱধানতা অৱলম্বনৰ আহ্বান জনাইছে।
ডিব্ৰুগড় জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, অৰ্থাৎ ডিডিএমএ-ই জাৰি কৰা এক বিশেষ জাননীত কোৱা হৈছে যে জিলাৰ বিভিন্ন নদীৰ পানী স্বাভাৱিকতকৈ অধিক হাৰত বৃদ্ধি পাইছে। ইয়াৰ ফলত বান পৰিস্থিতি অধিক জটিল হোৱাৰ সম্ভাৱনা আছে বুলি সতর্ক কৰি দিয়া হৈছে।

ডিডিএমএ-ই বানৰ সময়ত ৰাইজক বিশেষভাৱে কিছু সাৱধানতা মানি চলিবলৈ আহ্বান জনাইছে। পানীত নামি মাছ ধৰা, গা ধোৱা বা নৌকা চলোৱাৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে। লগতে নদীৰ পাৰ, মথাউৰি আৰু গৰাখহনীয়া অঞ্চললৈ নাযাবলৈও পৰামৰ্শ দিছে।
শিশু, বৃদ্ধ, গৰ্ভৱতী মহিলা আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলক অধিক সুৰক্ষিত ঠাইত ৰাখিবলৈ পৰামৰ্শ দিছে। লগতে গুৰুত্বপূর্ণ নথিপত্ৰ, ঔষধ, নগদ ধন আৰু মোবাইল ফোন সুৰক্ষিতভাৱে সংৰক্ষণ কৰিবলৈ আহ্বান জনাইছে।
বিদ্যুৎ পৰিবাহী তাঁৰ, ট্ৰান্সফৰ্মাৰ বা খোলা বৈদ্যুতিক সংযোগৰ পৰা আঁতৰি থাকিবলৈ বিশেষভাৱে কোৱা হৈছে। জৰুৰীকালীন সময়ত APDCL, SDRF, NDRF অথবা জিলা প্ৰশাসনৰ সহায় ল’বলৈও আহ্বান জনাইছে।

ভুৱা বা অসমৰ্থিত তথ্য প্ৰচাৰ নকৰিবলৈ আৰু কেৱল ডিডিএমএ বা চৰকাৰী সূত্ৰৰ তথ্য অনুসৰণ কৰিবলৈ জনসাধাৰণক অনুৰোধ কৰা হৈছে। আনহাতে
জৰুৰীকালীন সহায়ৰ বাবে ডিইঅ’চি ট’ল-ফ্ৰী নম্বৰ ১০৭৭ আৰু জিলা জৰুৰীকালীন নিয়ন্ত্ৰণ কক্ষৰ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *