...

“প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলে আজি উন্নয়ন, আন্তঃগাঁথনি, সংযোগ ব্যৱস্থা, উদ্যোগ, সংস্কৃতি আৰু আত্মবিশ্বাসৰ ক্ষেত্ৰত এক নতুন উচ্চতা স্পৰ্শ কৰিবলৈ সক্ষম হৈছে”: সোণোৱাল

“প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলে আজি উন্নয়ন, আন্তঃগাঁথনি, সংযোগ ব্যৱস্থা, উদ্যোগ, সংস্কৃতি আৰু আত্মবিশ্বাসৰ ক্ষেত্ৰত এক নতুন উচ্চতা স্পৰ্শ কৰিবলৈ সক্ষম হৈছে”: সোণোৱাল

তিনিচুকীয়া পৌৰসভাৰ ব’ৰ্ড সভাত আৰু “জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতি” (DISHA)ৰ বৈঠকত কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

তিনিচুকীয়া, ২৯ জুন ২০২৬:

কেন্দ্রীয় মন্ত্রী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ শ্ৰী সৰ্বানন্দ সোণোৱালে আজি তিনিচুকীয়া পৌৰসভাৰ ব'ৰ্ড সভাত উপস্থিত থাকি তিনিচুকীয়া নগৰৰ সামগ্রিক উন্নয়ন, আধুনিকীকৰণ আৰু জনসাধাৰণৰ সুবিধাৰ সৈতে 
জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় বিস্তৃতভাৱে আলোচনা কৰে| নগৰখনৰ সুপৰিকল্পিত বিকাশ, পৰিষ্কাৰ-পৰিচ্ছন্নতা, যান-বাহনৰ সু-ব্যৱস্থা, মৌলিক আন্তঃগাঁথনি শক্তিশালীকৰণ আৰু নাগৰিকৰ সুবিধাসমূহ অধিক সুচাৰুৰূপে 
আগবঢ়াই নিয়াৰ লক্ষ্যৰে সভাত তেওঁ বিভিন্ন দিহা-পৰামৰ্শ আৰু নিৰ্দেশনা আগবঢ়ায় |আগন্তুক দিনবোৰত তিনিচুকীয়া পৌৰসভাই গ্ৰহণ কৰিবলগীয়া বিভিন্ন উন্নয়নমূলক পৰিকল্পনাৰ অগ্ৰগতি পর্যালোচনা কৰাৰ লগতে 
এক সু- নিয়ন্ত্রিত, আধুনিক আৰু পৰিষ্কাৰ নগৰীয়া পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়| জনসাধাৰণৰ সুবিধা আৰু উন্নত জীৱনৰ মান নিশ্চিত কৰাৰ উদ্দেশ্যে সমন্বিতভাৱে কাম আগবঢ়াই
 নিয়াৰ ক্ষেত্ৰত সভাত সকলো পক্ষৰ মতামত গ্ৰহণ কৰা হয়এই সভাত তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰী পুলক গোহাঁই, তিনিচুকীয়া জিলা আয়ুক্ত শ্রী সুমিত সত্তাৱন, তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি
 শ্ৰী পুলক চেতিয়া আৰু পৌৰসভাৰ ১৫টা ৱাৰ্ডৰ ৱাৰ্ডআয়ুক্তসকল উপস্থিত থাকে | ইয়াৰ পাছতে তিনিচুকীয়াস্থিত জিলা কনভেনচন চেণ্টাৰত অনুষ্ঠিত জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতি” (DISHA)ৰ বৈঠকতো
কেন্দ্রীয় মন্ত্রী শ্রী সর্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে| জিলাখনৰ উন্নয়নৰ গতি অধিক ত্বৰান্বিত কৰাৰ লক্ষ্যৰে অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ বৈঠকত ৬টা বিধানসভা সমষ্টিৰ সামগ্রিক উন্নয়নৰ দিশ, চলি থকা বিভিন্ন 
কেন্দ্ৰীয় আৰু ৰাজ্যিক আঁচনিৰ অগ্ৰগতি তথা আগন্তুক সময়ৰ উন্নয়নমূলক পৰিকল্পনাসমূহ বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয়|প্রধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলে 
আজি উন্নয়ন, আন্তঃগাঁথনি, সংযোগ ব্যৱস্থা, উদ্যোগ, সংস্কৃতি আৰু আত্মবিশ্বাসৰ ক্ষেত্ৰত এক নতুন উচ্চতা স্পৰ্শ কৰিবলৈ সক্ষম হৈছে বুলি শ্ৰী সোণোৱালে উল্লেখ কৰে| পূৰ্বে উপেক্ষিত এই অঞ্চলে আজি 
এক্ট ইষ্ট নীতিৰ কেন্দ্ৰবিন্দু হৈ দেশৰ বিকাশ যাত্ৰাত এক শক্তিশালী চালিকাশক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে বুলিও তেওঁ মন্তব্য কৰে |
তেওঁ লগতে কয় যে, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সমন্বিত প্রচেষ্টাই উত্তৰ-পূৰ্বাঞ্চলক শান্তি, স্থিতিশীলতা আৰু উন্নয়নৰ নতুন যুগলৈ আগবঢ়াই নিছে। জনসাধাৰণৰ জীৱনৰ মান উন্নত কৰাৰ লক্ষ্যৰে ৰূপায়ণ হৈ থকা
প্ৰতিখন উন্নয়নমূলক আঁচনি যাতে সময়মতে, স্বচ্ছভাৱে আৰু সুচাৰুৰূপে সম্পন্ন হয়, তাৰ ওপৰত বৈঠকত বিশেষ গুৰুত্ব আৰোপ কৰা হয় ||
উক্ত বৈঠকত অসম চৰকাৰৰ মন্ত্ৰী তথা তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী, বিভিন্ন সমষ্টিৰ বিধায়কবৃন্দ, জিলা প্ৰশাসনৰ বিষয়াবৰ্গ, উন্নয়ন পৰিষদৰ প্ৰতিনিধি আৰু বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে |
অসমৰ সামগ্রিক উন্নয়ন, নগৰ আৰু গ্ৰামাঞ্চলৰ আন্তঃগাঁথনি শক্তিশালীকৰণ, জনকল্যাণমূলক আঁচনিৰ সফল ৰূপায়ণ আৰু আত্মনিৰ্ভৰ অসম গঢ়াৰ লক্ষ্যৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে আগন্তুক দিনতো
দায়বদ্ধতাৰে কাম আগবঢ়াই নিব বুলি শ্ৰী সোণোৱালে উল্লেখ কৰে |

Leave a Reply

Your email address will not be published. Required fields are marked *