ডিব্ৰুগড়ৰ প্ৰিয়াক্ষী কটকী
আকাশবাণী আৰু দূৰদৰ্শন কেন্দ্ৰৰ সত্ৰীয়া নৃত্যৰ ‘বি-হাই গ্ৰেড’ মৰ্য্যদা
চাইন অন ডেস্ক,২৫জুন:
ডিব্ৰুগড়ৰ মিলন নগৰৰ ৰূপনগৰ পথ নিবাসী পবিত্ৰ কটকী আৰু মালবিকা কটকীৰ কন্যা প্ৰিয়াক্ষী কটকীক আকাশবাণী আৰু দূৰদৰ্শন কেন্দ্ৰই সত্ৰীয়া নৃত্যত সন্মানীয় ‘বি-
হাই গ্ৰেড’ শিল্পীৰ মৰ্যাদা প্ৰদান কৰিছে। এই স্বীকৃতি শাস্ত্ৰীয় নৃত্যৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সন্মান ।এই সাফল্যই প্ৰিয়াক্ষী কটকীৰ নিষ্ঠা, প্ৰতিভা তথা অসমৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ অন্যতম অমূল্য সম্পদ সত্ৰীয়া নৃত্যক সংৰক্ষণ আৰু প্ৰচাৰৰ ক্ষেত্ৰত তেওঁৰ অৱদানক প্ৰতিফলিত কৰে। তেওঁৰ এই কৃতিত্বত পৰিয়াল, শুভাকাংক্ষী সকলৰ লগতে ডিব্ৰুগড়বাসীক গৌৰৱান্বিত কৰিছে আৰু অঞ্চলটোৰ সাংস্কৃতিক যাত্ৰাত আন এক নতুন মাইলৰ খুঁটি হিচাপে পৰিগনিত হৈছে।