নৱপ্ৰজন্মক কিতাপ পঢ়াৰ অভ্যাস গঢ়িবলৈ আহ্বান ড° শশীকান্ত শইকীয়াৰ
ৰাভা দিৱসত ৯৬ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
চিত্ৰাংকন-ৰচনা প্ৰতিযোগিতা সম্পন্ন
চাইন অন ডেস্ক,২১জুনঃ
অধ্যয়নৰ স্পৃহা আৰু জ্ঞান আহৰণৰ মানসিকতা হেৰাই গ’লে এটা ভাষা আৰু জনগোষ্ঠী নিজে নিজে অস্তিত্ব সংকটত পৰিব পাৰে বুলি মন্তব্য কৰে বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদ ড° শশীকান্ত শইকীয়াই। জাতীয় জনগোষ্ঠীয় ঐক্য মঞ্চ আৰু ডিব্ৰুগড় সাহিত্য সভাৰ যৌথ উদ্যোগত ডিব্ৰুগড় সাহিত্য সভাৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনৰ ৰূপকোঁৱৰ প্ৰেক্ষাগৃহত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উপলক্ষে অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি তেওঁ এই মন্তব্য কৰে।
ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ অধ্যক্ষ, বিশিষ্ট সাহিত্যিক ড° শইকীয়াই কয় যে বৰ্তমানৰ নৱপ্ৰজন্মই খেল-ধেমালি আৰু অন্যান্য ক্ষেত্ৰত সাফল্য লাভ কৰি চেম্পিয়ন হৈছে যদিও তেওঁলোকক প্ৰশ্ন আৰু কৌতূহলৰ চেম্পিয়ন হ’বলৈও আগবাঢ়ি আহিব লাগিব। এই সন্দৰ্ভত তেওঁ William James-ৰ বিখ্যাত গ্ৰন্থ The Principles of Psychology-ৰ প্ৰসংগ উল্লেখ কৰে।
আধুনিক জীৱনশৈলী, ফাষ্টফুড সংস্কৃতি আৰু ডিজিটেল জগতৰ ব্যস্ততাৰ মাজত নৱপ্ৰজন্মই কিতাপ পঢ়াৰ অভ্যাস এৰি দিয়াৰ লগতে মাতৃভাষা অসমীয়াৰ পৰা আঁতৰি যোৱাটো উদ্বেগজনক বুলি উল্লেখ কৰি তেওঁ গভীৰ চিন্তা প্ৰকাশ কৰে। ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক ৰাতুল বুঢ়াগোঁহাইৰ আগন্তুক উপন্যাস ‘কংক্ৰিট’ৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে নতুন প্ৰজন্মৰ অসমীয়া ভাষাৰ প্ৰতি উদাসীনতাই এনে সৃষ্টিশীল সাহিত্যৰ পাঠক সংকটৰ সৃষ্টি কৰিছে। লগতে তেওঁ ছাত্ৰ-ছাত্ৰীসকলক প্ৰতিদিনে জীৱনৰ শুভাকাংক্ষীসকলক কৃতজ্ঞতা জ্ঞাপন কৰাৰ অভ্যাস গঢ়ি তোলাৰ লগতে ইণ্টাৰনেটৰ সহায়ত হলেও ভাল গ্ৰন্থ সংগ্ৰহ কৰি নিয়মিত অধ্যয়ন কৰিবলৈ আহ্বান জনায়।
ইফালে, বিশিষ্ট সাংবাদিক তথা ‘অসম আদিত্য’ৰ সম্পাদক মনজিৎ বৰাই ভাষণ প্ৰসংগত নৱপ্ৰজন্মক সমাজৰ প্ৰতি দায়বদ্ধ হ’বলৈ আহ্বান জনাই কয় যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শ আৰু সামাজিক চেতনাক আত্মস্থ কৰাটোৱেই আজিৰ সময়ৰ প্ৰয়োজন। কেৱল কলা-সাহিত্যৰ চৰ্চাই নহয়, সমাজ গঢ়াৰ দায়িত্ববোধো নৱপ্ৰজন্মৰ মাজত গঢ়ি তুলিব লাগিব বুলি
তেওঁ মন্তব্য কৰে। ৰাভাদেৱৰ মহান ত্যাগ আৰু দৰ্শনৰ কথা স্মৰণ কৰি তেওঁ কয় যে ৰাভা দিৱস উদ্যাপনৰ সাৰ্থকতা কেৱল আনুষ্ঠানিকতাত নহয়, তেওঁৰ সামাজিক আদৰ্শক সমাজত প্ৰতিষ্ঠা কৰাৰ মাজত নিহিত।
অনুষ্ঠানৰ আৰম্ভণিতে জাতীয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ সভাপতি ৰাণা ৰঞ্জন গগৈ আৰু ডিব্ৰুগড় সাহিত্য সভাৰ উপ-সভাপতি যাদৱ গগৈয়ে কলাগুৰুৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তাৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দুটা শাখাত চিত্ৰাংকন
প্ৰতিযোগিতা আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হয়।
ৰাভা দিৱসৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড় নগৰ আৰু পাৰ্শ্বৱৰ্তী অঞ্চলৰ চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ মুঠ ৯৬ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক গামোচা, অভিধান, কলম আৰু অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।
অনুষ্ঠানত ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি জ্যোতি বৰগোহাঁই, উপ-সভাপতি যাদৱ গগৈ, বিশিষ্ট নিৱন্ধকাৰ তথা আমোলাপট্টি মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক চন্দন ফুকন, বেংগলী যুৱ ফেডাৰেচনৰ সভাপতি নিৰ্মল কান্তি শীল, ডিব্ৰুগড় সাহিত্য সভাৰ সহকাৰী সম্পাদক মীনাক্ষী দাস বৰুৱা, পত্ৰিকা সম্পাদক অৰ্পণা ফুকন দাস, অসম লেখিকা সন্থাৰ প্ৰধান সম্পাদক উদয়ন্তী দত্ত হাজৰিকা,বিতুমণি ফুকন ,বিশিষ্ট অনাতাঁৰ শিল্পী ভূৱন গগৈ, বিশিষ্ট নৃত্য গুৰু ৰুবী গগৈ সন্দিকৈ, শিল্পী ডলী শিলপনীয়া,ভাৰতী দুৱৰা বৰুৱা,শিল্পী ৰতন গগৈ, ৰাহুল গগৈ, ৰাহুল দাস,জেষ্ঠ সাংবাদিক দেৱজিৎ চুতীয়া,জাতি জনগোষ্ঠীয় ঐক্য মঞ্চৰ সভাপতি ৰাণা ৰঞ্জন গগৈ,কাৰ্যকৰী সভাপতি মিন্টু দত্ত, ভৱেশ পাংগিং, ধনজিত সন্দিকৈ, যুটীয়া
সম্পাদক অভিজিৎ দাস, হেমন্ত গগৈ,নিতুমণি বৰগোহাঁই, দেৱযানী চেতিয়া, ৰঞ্জিতা চেতিয়া, মন জ্যোতি শইকীয়া, ৰূপজ্যোতি গগৈ সহ অন্যান্য সকল উপস্থিত থাকে। আনহাতে অনুষ্ঠানত নৃত্যাংগণ কলা কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা কেইবাটাও সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা লগতে বিতুমণি ফুকনে কবিতা, ৰাহুল দাসে সাংস্কৃতিক অনুষ্ঠান,ভুৱন গগৈ,ৰতন গগৈ,ডলী শিলপনীয়াই ৰাভা সংগীত পৰিবেশন কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে।চিত্ৰাংকন প্ৰতিযোগিতাৰ ক-শাখাত উদিপ্ত কুমাৰে প্ৰথম, মনশ্ৰী গগৈয়ে দ্বিতীয় আৰু নৈৰত সোনোৱালে তৃতীয় স্থান লাভ কৰে। প্ৰিয়া ৰবিদাসে উদগনিমূলক পুৰস্কাৰ লাভ কৰে। খ-শাখাত অংগদ সিঙে প্ৰথম, সুপ্ৰতিক দে দ্বিতীয় আৰু আৰাধ্য জি এছ বৰশইকীয়াই তৃতীয় স্থান লাভ কৰে। পুৰস্কাৰ প্ৰাপক সকলক অনুষ্ঠানৰ শেষত পুৰস্কাৰ বিতৰণ কৰা লগতে জাতীয় সংগীতেৰে অনুষ্ঠানৰ সামৰণি মৰা হয়।
Like this:
Like Loading...