ডিব্ৰুগড়ৰ শ্ৰী দুৰ্গা মন্দিৰ হিন্দী হাইস্কুল নতুনকৈ নিৰ্মিত পৰীক্ষাগাৰৰ শুভ উদ্বোধন
চাইন অন ডেস্ক,২১জুন:
উজনি অসমৰ ডিব্ৰুগড়ৰ পল্টন বজাৰ অঞ্চলৰ লোহাৰপট্টিত অৱস্থিত শ্ৰী দুৰ্গা মন্দিৰ হিন্দী হাইস্কুলত সৰ্বশিক্ষা অভিযানৰ অধীনত নতুনকৈ নিৰ্মিত বিজ্ঞান আৰু গণিত পৰীক্ষাগাৰৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্য অতিথি, বিদ্যালয়সমূহৰ পৰিদৰ্শিকা কবিতা ডেকাই। এই উদ্দেশ্যে বিদ্যালয় চৌহদত এক চমু অনুষ্ঠানৰ আয়োজন কৰা হয়। আৰ কে বি আইন মহাবিদ্যালয়ৰ উপাধ্যক্ষ ৰাজকুমাৰ আগৰৱালাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলক মঞ্চলৈ আদৰণি জনোৱাৰ লগতে ফুলাম গামোচাৰে সম্ভাষণ জনোৱা হয়। বিদ্যালয়খনৰ অধ্যক্ষা বিনিতা ডেকাই কাৰ্যসূচীৰ উদ্দেশ্য ব্যাখ্যা কৰে। বিজ্ঞান আৰু গণিতৰ ব্যৱহাৰিক জ্ঞানে ছাত্ৰ-ছাত্ৰীৰ বিষয়সমূহৰ প্ৰতি কৌতুহল আৰু আগ্ৰহ বৃদ্ধি কৰিব বুলিও কয়। ভাষণত বিদ্যালয় পৰিচালনা সমিতিৰ উপ-সভাপতি ড০ মহেশ কুমাৰ জৈনে শিক্ষা বিভাগৰ লগতে পৰীক্ষাগাৰ নিৰ্মাণত অৰিহণা যোগোৱা সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে এই বিজ্ঞান পৰীক্ষাগাৰে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনত যথেষ্ট পৰিৱৰ্তন আনিব, যাৰ ফলত তেওঁলোকে বিজ্ঞানৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাবলৈ উৎসাহিত হ’ব।
ভাষণ প্ৰসঙ্গত মুখ্য অতিথি কবিতা ডেকাই উল্লেখ কৰে যে এই পৰীক্ষাগাৰে ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞান আৰু গণিতৰ ব্যৱহাৰিক জ্ঞান গঢ়ি তোলাত সহায় কৰিব আৰু এই বিষয়সমূহৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ বৃদ্ধি কৰিব। পৰিদৰ্শকগৰাকীয়ে অনুষ্ঠানত উপস্থিত থকা অভিভাৱকসকলক নিজৰ সন্তানক ছ’চিয়েল মিডিয়া আৰু মোবাইলৰ পৰা আঁতৰাই ৰাখিবলৈ আহ্বান জনায়। পৰীক্ষাগাৰটো উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ডিব্ৰুগড় পৌৰ নিগমৰ ২২ নং ৱাৰ্ডৰ কাউন্সিলাৰ সীমা দাস, সমাজকৰ্মী আত্মাৰাম বীৰ্মীৱাল, জ্যেষ্ঠ সাংবাদিক অনিল পোদ্দাৰ, যুৱ সাংবাদিক সন্দীপ আগৰৱাল, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আশীষ কুমাৰ দত্ত, বিদ্যালয়ৰ শিক্ষক সকল, ছাত্ৰ-ছাত্ৰী, তেওঁলোকৰ অভিভাৱক, আৰু অন্যান্য আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকল। মন কৰিবলগীয়া যে এইবাৰ উক্ত বিদ্যালয়খনৰ দশম শ্ৰেণীৰ পৰীক্ষাত ৯৮.২৮% উত্তিৰ্ণৰে যথেষ্ট ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল।