বিশ্ব ৰক্তদান দিৱস উপলক্ষে
মাৰোৱাৰী যুৱ মঞ্চ,অভামামশ আৰু চি এ ছ’চাইটিৰ যৌথ উদ্যোগত ৰক্তদান শিবিৰ
চাইন অন ডেস্ক,১৯জুন:
বিশ্ব ৰক্তদান দিৱস উপলক্ষে মাৰোৱাৰী যুৱ মঞ্চ ডিব্ৰুগড় বৃহত্তৰ শাখাই সৰ্বভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলন (ডিব্ৰুগড় পূৱ শাখা), ইআইআৰচিৰ ডিব্ৰুগড় শাখা, আৰু ইআইচিএএছএ ডিব্ৰুগড় শাখাৰ সহযোগত আৰু মাৰোৱাৰী আৰোগ্য ভৱন হাস্পতালৰ ব্লাড বেংক চেণ্টাৰৰ সহযোগত ৰক্তদান শিবিৰৰ আয়োজন কৰা হয় ।মুঠ ২৩ ইউনিট তেজ সংগ্ৰহ কৰা হয়, আৰু এই সংগ্ৰহ কৰা তেজ ৰোগীক সহায় কৰিবলৈ ব্লাড বেংকত জমা কৰি ৰখা হয়। লগতে সকলো ৰক্তদাতাক আয়োজক সকলে প্ৰশংসা পত্ৰৰে সম্বৰ্ধনা জনায়। এই উপলক্ষে মাৰোৱাৰী যুৱ
মঞ্চ ডিব্ৰুগড় বৃহত্তৰ শাখাৰ কাৰ্যবাহী সদস্য তথা ৰক্তদান সমন্বয়ক যুৱ আকাশ জৈন উপস্থিত থাকে। জৈনে উল্লেখ কৰে যে বিগত সময়ছোৱাত আৰোগ্য ভৱন ব্লাড বেংকৰ সহযোগত কেইবাবাৰো ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে, যিয়ে বহু লোকক উপকৃত কৰিছে।জৈনে শিবিৰ আয়োজনত সহায় কৰা সংগঠনৰ সকলো সদস্যকে কৃতজ্ঞতা জ্ঞাপন কৰে।
যুৱ মঞ্চৰ সভাপতি সন্তোষ কেজৰিৱালে সন্মানীয় ৰক্তদাতাসকলৰ নিস্বাৰ্থ অৱদানৰ প্ৰশংসা কৰি কয় যে তেওঁলোকৰ দ্বাৰা সময়ে সময়ে
কৰা ৰক্তদানে বহু আৰ্তজন ৰোগীৰ জীৱন ৰক্ষা কৰিছে, যিটো সমাজসেৱাৰ এক বিশেষ নিদৰ্শন। তেওঁ আৰু কয় যে ৰক্তদান কেৱল সামাজিক দায়বদ্ধতা নহয় বৰঞ্চ মানৱতাৰ প্ৰকৃত সেৱা। তেওঁ উল্লেখ কৰে যে তেজৰ কোনো কৃত্ৰিম বিকল্প নাই, আৰু প্ৰয়োজনৰ সময়ত এজন ৰক্তদাতাইহে কাৰোবাৰ জীৱন ৰক্ষা কৰিব পাৰে। তেওঁ যুৱক-যুৱতীসকলক নিয়মীয়াভাৱে ৰক্তদান কৰিবলৈ আৰু নিজৰ বন্ধু-বান্ধৱী, পৰিয়াল আৰু সমাজৰ অন্যান্য সদস্যসকলক এই
উদাৰ কামত জড়িত কৰাবলৈ আহ্বান জনায়। তেওঁ উল্লেখ কৰে যে ৰক্তদান এক বৃহৎ দান আৰু সমাজত এনে দাতব্য ব্যক্তিক সন্মান জনোৱাটোৱে নতুন প্ৰজন্মক সমাজ সেৱা আৰু দানশীলতাত লিপ্ত হ’বলৈ অনুপ্ৰাণিত কৰে। এই ৰক্তদান শিবিৰত আয়োজক সংগঠনসমূহৰ বিষয়া, কাৰ্যবাহী সদস্য, আৰু অন্যান্য সদস্যসকলে অংশগ্ৰহণ কৰে। শেষত আয়োজকসকলে ৰক্তদাতাসকলৰ সুস্বাস্থ্য, সুখী আৰু উজ্জ্বল ভৱিষ্যতৰ কামনা কৰাৰ লগতে সমাজসেৱাৰ প্ৰতি তেওঁলোকৰ নিষ্ঠাক শলাগ জনায়।
Like this:
Like Loading...