...

চাৰিদুৱাৰত বন্যহস্তী-মানৱৰ সংঘাত চৰম পৰিণতি !

চাৰিদুৱাৰত বন্যহস্তী-মানৱৰ সংঘাত চৰম পৰিণতি !

 

উচ্চ ক্ষমতাসম্পন্ন বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

বালিপৰা,১৯ জুন:

শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰত বন্যহস্তী-মানৱৰ সংঘাতে দিনকদিনে ভয়ংকৰ ৰূপ ধাৰণ কৰি থকাৰ সময়তে আজি চাৰিদুৱাৰত সংঘটিত হয় এক কৰুণ ঘটনা । চাৰিদুৱাৰত বিদ্যুৎ বিভাগৰ উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰত বিদ্যুৎস্পৃষ্ট হৈ অতি কৰুণভাৱে মৃত্যুক সাৱটি লৈছে এটা প্ৰকাণ্ড বন্যহস্তীয়ে । ঘটনাৰ বিৱৰণী অনুসৰি, আজি পুৱতি নিশা ৩:০০ মান বজাত বালিপৰা সংৰক্ষিত বনাঞ্চলৰপৰা খাদ্যৰ সন্ধানত গড়মৰা হৈ চাৰিদুৱাৰত প্ৰৱেশ কৰে এটা বন্যহস্তীৰ জাকে । জাকটোৱে প্ৰতিকূল বতৰৰ মাজতে পুৱতি নিশা ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰে ।পিছত হাতীৰ জাকটোৱে ৩:৩০ মান বজাত চাৰিদুৱাৰৰ ৩০ খন বিচনাযুক্ত গ্ৰামীণ চিকিৎসালয়ৰ সন্মুখৰ চিকিৎসালয়ৰ চৰকাৰী আৱাসস্থলীৰ সীমাৰ পকী বেৰ ভাঙি প্ৰৱেশ কৰে জনাঞ্চলত । জনাঞ্চলত প্ৰৱেশ কৰাৰ পিছতে খাদ্যৰ সন্ধানত হাতীৰ জাকটোৱে ভাঙি তহিলং কৰে চাৰিদুৱাৰ চেণ্টাৰৰ সঞ্জীৱনী মেডিকল নামৰ ঔষধালয়খনৰ দুখনকৈ পকী দেৱাল । তাৰ পিছতে উভতি যাব খোজা হাতীৰ জাকটোৰ মাজৰ এটা প্ৰকাণ্ড হাতীয়ে প্ৰৱেশ কৰে ঔষধালয়খনৰ সমীপতে হাবিত প্ৰৱেশ কৰি চাৰিদুৱাৰ চেণ্টাৰলৈ অহা মুকলি পথৰ সন্ধান কৰে । তেনেসময়ে সংঘটিত হয় কৰুণ ঘটনাটো । হাবিৰ মাজত তথা মাটিৰ পৰা একেবাৰে কম উচ্চতাত অৱস্থাত থকা বালিপৰা বিদ্যুৎ সংমণ্ডল কাৰ্যালয়ৰ চাৰিদুৱাৰ ফীডাৰৰ অন্তৰ্গত এটা ১১ হাজাৰ ভল্টৰ উচ্চ ক্ষমতাসম্পন্ন বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ অকস্মাতে লাগি ধৰে এটা প্ৰকাণ্ড দঁতাল হাতী । ট্ৰেন্সফৰ্মাৰটোত লাগি ধৰাৰ লগে লগে বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটি লয় হাতীটোৱে । পিছত প্ৰাতঃভ্ৰমণ কৰিবলৈ অহা অঞ্চলটোৰ একাংশ লোক বিদ্যুৎস্পৃষ্ট হোৱা হাতীটো প্ৰত্যক্ষ কৰি চাৰিদুৱাৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ত খবৰ দিয়ে । পিছত ঘটনাস্থলীত বন বিভাগৰ বিষয়া, চিকিৎসক, বন কৰ্মী উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ লগতে হাতীটোক চাৰিদুৱাৰৰ সমাজকৰ্মী উত্তম পাটৰৰ এক্সকেভেটৰৰ সহায়ত হাতীটোক মুকলি স্থানলৈ অনা হয় । অৱশেষত বন বিভাগৰ চিকিৎসকৰ দ্বাৰা হাতীটোৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছতে হাতীটো পুতি থোৱাৰ ব্যৱস্থা কৰা হয় । মৃত হাতীটো এটা মতা হাতী । বন বিভাগৰ মতে হাতীটোৰ বয়স আনুমানিক ১৮-২০ বছৰ হ’ব । খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহি এনেদৰে কৰুণভাৱে এটা বয়স্ক হাতীয়ে মৃত্যুক সাৱটি লোৱাৰ ঘটনাত অঞ্চলবাসী ৰাইজে শোক প্ৰকাশ কৰিছে । উল্লেখ্য যে , এচাম বনদস্যুৱে বনবিভাগৰ সৈতে গোপন মিতিৰালি কৰি বালিপৰা সংৰক্ষিত বনাঞ্চল, চেঙেলীমৰা সংৰক্ষিত বনাঞ্চলৰ গছ-গছনি অবাধে কাটি তহিলং কৰাৰ ফলশ্ৰুতিত সংৰক্ষিত বনাঞ্চল দুখনত থকা জাক -জাক বন্যহস্তীয়ে নিৰাপদ আৱাসস্থল, খাদ্যৰ অভাৱত ভূগিবলগীয়া হৈছে । যাৰ ফলত খাদ্যৰ সন্ধানত প্ৰায় প্ৰতিদিনে জনাঞ্চলত প্ৰৱেশ কৰিবলৈ বাধ্য হৈছে বন্যহস্তী ।

Leave a Reply

Your email address will not be published. Required fields are marked *