...

ডিবৰু সন্তান ডাঃ চাকিৰ আহমেদৰ সাফল্য

ডিবৰু সন্তান ডাঃ চাকিৰ আহমেদৰ সাফল্য

 

২০২৫ চনৰ এচ চি আই গ্ল’বেল ৰেজিষ্ট্ৰীত
বিশ্বৰ শীৰ্ষ ৫% বিজ্ঞানীৰ তালিকাত স্থান

চাইন অন ডেস্ক,১৯জুন:

ডিব্ৰুগড়ৰ কনভয় ৰোড নিবাসী ডাঃ চাকিৰ আহমেদে ২০২৫ চনৰ Sci Rank গ্ল’বেল ৰেজিষ্ট্ৰীৰ মূল্যায়ন অনুসৰি বিশ্বৰ শীৰ্ষ ৫% বিজ্ঞানীৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান তেওঁ ভুৱনেশ্বৰৰ কলিঙ্গা ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছৰ ৰিউমেট’লজি আৰু ক্লিনিকেল ইমিউন’লজি বিভাগত অধ্যাপক হিচাপে কৰ্মৰত। ডাঃ আহমেদৰ গৱেষণামূলক প্ৰবন্ধ বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় জাৰ্ণেলত প্ৰকাশ পাইছে। ইয়াৰ উপৰিও তেওঁ বৰ্তমান এখন খ্যাতনামা আন্তঃৰাষ্ট্ৰীয় জাৰ্ণেলৰ মুখ্য সম্পাদক হিচাপেও দায়িত্ব পালন কৰি আছে।তেওঁ দক্ষিণ-পশ্চিম এছিয়া, ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভিন্ন দেশত গৱেষণাপত্ৰ উপস্থাপনৰ বাবে আমন্ত্ৰণ লাভ কৰিছে। উল্লেখযোগ্য যে, শেহতীয়াকৈ ভাৰত চৰকাৰৰ উদ্যোগত নতুন দিল্লীত অনুষ্ঠিত ভাৰতীয় বিজ্ঞান কংগ্ৰেছত অংশগ্ৰহণৰ বাবে তেওঁ আমন্ত্ৰিত হৈছিল। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰা এই সন্মানীয় অনুষ্ঠানত তেওঁ আমন্ত্ৰিত বিশিষ্ট যুৱ বিজ্ঞানীসকলৰ অন্যতম আছিল। ছাত্ৰজীৱনৰ পৰাই ডাঃ আহমেদে শিক্ষাক্ষেত্ৰত অসাধাৰণ কৃতিত্বৰ পৰিচয় দিছিল। তেওঁ অসম মেডিকেল কলেজৰ পৰা এমবিবিএছ পৰীক্ষাত শ্ৰেষ্ঠ স্নাতক হিচাপে উত্তীৰ্ণ হৈছিল। পাছত একেই শিক্ষানুষ্ঠানৰ এমডি (মেডিচিন) পৰীক্ষাতো প্ৰথম স্থান অধিকাৰ কৰিছিল। ইয়াৰ পিছত বিশ্ববিখ্যাত ৰিউমেট’লজি বিশেষজ্ঞ অধ্যাপক ডাঃ আৰ. কে. মিশ্ৰৰ তত্ত্বাৱধানত লক্ষ্ণৌস্থিত SGPGI-ৰ পৰা নিজৰ বিশেষ বিষয়ত ডিএম ডিগ্ৰী লাভ কৰে। এখন খ্যাতনামা ইমিউন’লজি জাৰ্ণেলৰ মুখ্য সম্পাদক হিচাপে ডাঃ আহমেদে ৱাশ্বিংটন, ছান ডিয়েগো, ছিংগাপুৰ, মাদ্ৰিদ (স্পেইন), ফুকুওকা আদি বিশ্বৰ বিভিন্ন বৈজ্ঞানিক মঞ্চত গৱেষণাপত্ৰ উপস্থাপন কৰিছে। চলিত বৰ্ষত তেওঁ ছিউলত অনুষ্ঠিত এক আন্তঃৰাষ্ট্ৰীয় সন্মিলনত আমন্ত্ৰিত বক্তা হিচাপে অংশগ্ৰহণ কৰে। তদুপৰি, তেওঁ ৫০খনতকৈ অধিক জাৰ্ণেলৰ বাবে সমীক্ষক হিচাপে ১,৫০০ৰো অধিক গৱেষণাপত্ৰ মূল্যায়ন কৰিছে। ডাঃ আহমেদৰ উল্লেখযোগ্য সাফল্যসমূহৰ ভিতৰত ২০০৩ চনত নেচনেল টেলেণ্ট স্ক’লাৰশ্বিপ লাভ, ২০০৬ চনত এন চি চি গ্ৰেড -বি প্ৰমাণপত্ৰ অৰ্জন আৰু ভাৰত চৰকাৰৰ পৰমাণু শক্তি বিভাগে আয়োজিত ৰেডিঅ’ আইছ’টপৰ প্ৰয়োগ বিষয়ক প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ অন্যতম। শেহতীয়াকৈ তেওঁ Springer Nature-ৰ সন্মানীয় “Distinguished Editor Award” লাভ কৰিছে।
ডাঃ আহমেদে ডিব্ৰুগড়ৰ ডন বস্ক’ বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে। ইয়াৰ পিছত ডিব্ৰুগড়ৰ ছল্ট ব্ৰুক একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰি অসম মেডিকেল কলেজত চিকিৎসা শিক্ষাত অধ্যয়ন কৰে। ডাঃ আহমেদ শিৱসাগৰৰ জয়সাগৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত পদাৰ্থ বিজ্ঞানৰ অধ্যাপক জেবিন আহমেদৰ একমাত্ৰ পুত্ৰ। তেওঁ অসম মেডিকেল কলেজৰ অস্থি চিকিৎসা বিভাগৰ প্ৰতিষ্ঠাপক অধ্যাপক আৰু বিভাগীয় মুৰব্বী স্বৰ্গীয় ডাঃ এ. জে. আহমেদৰ নাতি।

Leave a Reply

Your email address will not be published. Required fields are marked *