...

“মোদী চৰকাৰৰ দিনত ত্ৰিপুৰাই উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ এক গুৰুত্বপূৰ্ণ চালিকাশক্তি হিচাপে আত্মপ্রকাশ কৰিছে : সৰ্বানন্দ সোণোৱাল

“মোদী চৰকাৰৰ দিনত ত্ৰিপুৰাই উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ এক গুৰুত্বপূৰ্ণ চালিকাশক্তি হিচাপে আত্মপ্রকাশ কৰিছে : সৰ্বানন্দ সোণোৱাল

চাইন অন ডেস্ক,১৫ জুন:

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে আজি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত যোৱা এটা দশকত সংযোগ ব্যৱস্থা, 
আন্তঃগাঁথনি, শাসন ব্যৱস্থা আৰু অৰ্থনৈতিক সুযোগ-সুবিধাৰ ক্ষেত্ৰত হোৱা উল্লেখযোগ্য উন্নয়নৰ ফলত ত্ৰিপুৰাই উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ হিচাপে
আত্মপ্ৰকাশ কৰিছে৷ কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন এনডিএ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে আয়োজন কৰা বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ সোণোৱাল
আগৰতলাত উপস্থিত হৈছিল৷ ভ্ৰমণকালত তেওঁ নাগৰিকসকলৰ সৈতে মত-বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে, কেন্দ্ৰীয় চৰকাৰৰ
 বিভিন্ন পদক্ষেপ প্ৰদৰ্শন কৰা এক প্ৰদৰ্শনী পৰিদৰ্শন কৰে, — প্ৰগতি পথ যাত্ৰা’ত যোগদান কৰে, গোৰ্খাবস্তীত নিৰ্মাণৰত উচ্চ-
অট্টালিকা চৰকাৰী কাৰ্যালয় কমপ্লেক্স পৰিদৰ্শন কৰে আৰু ‘এক পেড় মা কে নাম ’ অভিযানৰ অধীনত গছপুলি
ৰোপণ কৰে৷ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড° মানিক সাহা, আগৰতলাৰ মেয়ৰ তথা বিধায়ক দীপক মজুমদাৰ আৰু বিধায়ক অভিষেক দেবৰায়কে 
ধৰি বহু বিশিষ্ট ব্যক্তি বিভিন্ন কাৰ্যসূচীত উপস্থিত আছিল৷ ‘বিকশিত ভাৰত সংকল্প সন্মিলন’ আৰু বিশিষ্ট নাগৰিকসকলৰ সৈতে অনুষ্ঠিত 
মত-বিনিময় অনুষ্ঠানত ভাষণ প্ৰদান কৰি সোণোৱালে কয় যে মোদী চৰকাৰৰ ১২ বছৰৰ যাত্ৰা “বিশ্বাস, বিকাশ আৰু জনকল্যাণ”ৰ 
আদৰ্শেৰে পৰিচালিত হৈছে, য'ত শাসন ব্যৱস্থা অধিক স্বচ্ছ, প্রযুক্তি নিৰ্ভৰ আৰু জনমুখী হৈ পৰিছে৷ সোণোৱালে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 
ডাঙৰীয়াৰ নেতৃত্বই ভাৰতক দ্বিধাগ্ৰস্ততাৰ পৰা আত্মবিশ্বাসী ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰিছে৷ যোৱা ১২ বছৰত দেশৰ প্ৰতিটো প্ৰান্তত উন্নয়ন, 
কল্যাণ আৰু সুযোগৰ দুৱাৰ মুকলি হৈছে৷ত্ৰিপুৰাৰ উন্নয়নৰ যাত্ৰাৰ বিষয়ে উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে পথ, ৰে'লপথ, 
ডিজিটেল সংযোগ আৰু জনসেৱামূলক আন্তঃগাঁথনিৰ ক্ষেত্ৰত হোৱা উন্নয়নে ৰাজ্যখনক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয়  বজাৰৰ সৈতে অধিক সুদৃঢ়ভাৱে সংযুক্ত কৰিছে৷ সোণোৱালে কয়, 
“ত্ৰিপুৰাই বিকাশৰ এক নতুন অধ্যায় ৰচনা কৰিছে৷ যিবোৰ লক্ষ্য পূৰণ কেতিয়াবা কঠিন যেন লাগিছিল, সেয়া আজি উন্নয়ন আৰু সমৃদ্ধিৰ পথত বাস্তৱত পৰিণত হৈছে৷” সোণোৱালে ত্ৰিপুৰাৰ
 কৃষিজাত সামগ্ৰীৰ, বিশেষকৈ বিশ্ববিখ্যাত ‘কুইন’ আনাৰসৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি বৃদ্ধিৰ কথা উল্লেখ কৰি কয় যে উন্নত সংযোগ ব্যৱস্থা আৰু বজাৰলৈ সহজ প্ৰৱেশাধিকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ 
কৃষকসকলক নতুন নতুন বজাৰত প্ৰৱেশ কৰাৰ সুযোগ প্ৰদান কৰিছে৷ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়, “প্রধানমন্ত্রীয়ে আন্তঃগাঁথনি, সংযোগ ব্যৱস্থা আৰু অৰ্থনৈতিক ক্ষমতা বৃদ্ধিৰ 
ওপৰত বিশেষ গুৰুত্ব দিয়াৰ ফলত উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰীসমূহে, ত্ৰিপুৰাৰ বিশ্বমানৰ আনাৰসকে ধৰি, আন্তঃৰাষ্ট্ৰীয় বজাৰত সুযোগ লাভ কৰিছে, যাৰ ফলত কৃষক আৰু গ্ৰাম্য
সমাজ উপকৃত হৈছে৷” কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কল্যাণমূলক আঁচনি, উদ্যমিতা বিকাশ, দক্ষতা উন্নয়ন কাৰ্যসূচী আৰু প্ৰত্যক্ষ লাভ হস্তান্তৰ (DBT)ৰ জৰিয়তে মহিলা আৰু যুৱক- যুৱতীসকলৰ সবলীকৰণৰ ক্ষেত্ৰত চৰকাৰৰ 
প্ৰচেষ্টাৰ বিষয়েও আলোকপাতকৰে৷ সোণোৱালে কয়, “ত্ৰিপুৰাই বিকাশৰ এক নতুন অধ্যায় ৰচনা কৰিছে৷ যিবোৰ লক্ষ্য পূৰণ কেতিয়াবা কঠিন যেন লাগিছিল, সেয়া আজি উন্নয়ন আৰ সমৃদ্ধিৰ পথত বাস্তৱত পৰিণত হৈছে৷” 
সোণোৱালে ত্ৰিপুৰাৰ কৃষিজাত সামগ্ৰীৰ, বিশেষকৈ বিশ্ববিখ্যাত ‘কুইন’আনাৰসৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি বৃদ্ধিৰ কথা উল্লেখ কৰি কয় যে উন্নতসংযোগ ব্যৱস্থা আৰু বজাৰলৈ সহজ প্ৰৱেশাধিকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ কৃষকসকলক
 নতুন নতুন বজাৰত প্ৰৱেশ কৰাৰ সুযোগ প্ৰদান কৰিছে৷ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়, “প্রধানমন্ত্রীয়ে আন্তঃগাঁথনি, সংযোগ ব্যৱস্থা আৰু অৰ্থনৈতিক ক্ষমতা বৃদ্ধিৰ ওপৰত বিশেষ গুৰুত্ব দিয়াৰ ফলত উত্তৰ-পূৰ্বাঞ্চলৰ
সামগ্ৰীসমূহে, ত্ৰিপুৰাৰ বিশ্বমানৰ আনাৰসকে ধৰি,আন্তঃৰাষ্ট্ৰীয় বজাৰত সুযোগ লাভ কৰিছে, যাৰ ফলত কৃষক আৰু গ্ৰাম্যসমাজ উপকৃত হৈছে৷” কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কল্যাণমূলক আঁচনি, উদ্যমিতা বিকাশ, দক্ষতা উন্নয়ন 
কাৰ্যসূচী আৰু প্ৰত্যক্ষ লাভ হস্তান্তৰ (DBT)ৰ জৰিয়তে মহিলা আৰু যুৱক- যুৱতীসকলৰ সবলীকৰণৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰচেষ্টাৰ বিষয়েও আলোকপাত কৰে৷ সৰ্বানন্দ সোণোৱালে কয়, “নাৰী শক্তি আৰু যুৱ শক্তিয়ে ভাৰতৰ উন্নয়ন
যাত্ৰাত মুখ্য ভূমিকা পালন কৰি আছে৷ আজিৰ যুৱ প্ৰজন্মই উদ্ভাৱন,ষ্টার্টআপ আৰু উদ্যোগৰ ক্ষেত্ৰত অধিক সুযোগ লাভ কৰিছে, আনহাতে
মহিলাসকলো অর্থনৈতিক আৰু সামাজিক ৰূপান্তৰৰ সক্ৰিয় অংশীদাৰ হৈ উঠিছে৷” উত্তৰ-পূৰ্বাঞ্চলৰ ৰূপান্তৰৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে অঞ্চলটো
এতিয়া ৰাষ্ট্ৰীয় বিকাশৰ মূলসুঁতিত চামিল হৈছে আৰু ইয়াক কৌশলগত বিকাশ কেন্দ্র তথা দক্ষিণ-পূব এছিয়াৰ সৈতে ভাৰতৰ প্ৰৱেশদ্বাৰ হিচাপে স্বীকৃতি দিয়া হৈছে৷
সোণোৱালে কয়, “উত্তৰ-পূৰ্বাঞ্চল এতিয়া ভাৰতৰ অৰ্থনৈতিক বিকাশ নতুন ইঞ্জিন হিচাপে পৰিগণিত হৈছে৷ উন্নত সংযোগ ব্যৱস্থা, শান্তি চুক্তি,
আন্তঃগাঁথনি বিনিয়োগ আৰু জনমুখী শাসন ব্যৱস্থাই অঞ্চলটোৰ বিশাল সম্ভাৱনাক উন্মোচিত কৰিছে৷”‘প্ৰগতি পথ যাত্ৰা’ৰ অংশ হিচাপে সোণোৱালে আগৰতলাৰ গোর্খা বস্তীত
নির্মাণাধীন নতুন উচ্চ-অট্টালিকা কাৰ্যালয় ভৱনৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে৷ তেওঁ কয় যে উন্নত শাসন ব্যৱস্থা আৰু নিৰৱচ্ছিন্ন জনসেৱা প্ৰদান মোদী নেতৃত্বাধীন চৰকাৰৰ অন্যতম বৈশিষ্ট্য, আৰু এই প্ৰকল্প সম্পূৰ্ণ 
হ'লে প্ৰশাসনিক দক্ষতা আৰু নাগৰিক সেৱা অধিক শক্তিশালী হ’ব৷ সোণোৱালে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাৰ নেতৃত্বত ৰাজ্যখনত
আন্তঃগাঁথনি উন্নয়ন আৰু শাসন সংস্কাৰ ত্বৰান্বিত কৰাৰ প্ৰচেষ্টাকো প্ৰশংসা কৰে৷ সৰ্বানন্দ সোণোৱালে ‘এক পেড় মা কে নাম’ অভিযানৰ অংশ হিচাপে
নূতননগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গছপুলি ৰোপণ কৰে৷ এই অভিযানক মাতৃ আৰু প্ৰকৃতিৰ প্ৰতি এক সন্মানজনক শ্রদ্ধাঞ্জলি বুলি
অভিহিত কৰি তেওঁ কয় যে পৰিৱেশ সংৰক্ষণ ভাৰতৰ উন্নয়নৰ যাত্ৰাৰ এক অবিচ্ছেদ্য অংগ হৈ থাকিব লাগিব৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে যোৱা ১২ বছৰে ২০৪৭ চনৰ ভিতৰত এখন
উন্নত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ লক্ষ্যৰে এক শক্তিশালী ভেটি স্থাপন কৰা হৈছে আৰু “অমৃত কাল’ৰ সময়ছোৱাত ৰাষ্ট্ৰ গঢ়াৰ প্ৰচেষ্টাত সক্রিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ নাগৰিকসকলক আহ্বান জনোৱা হৈছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *