কলগাছিয়াত চাৰি কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ
কলগাছিয়া,১৪ জুন:
বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কলগাছিয়া চিনেমা হল মাৰ্কেটৰ ওচৰত পৰা তিনি জন ড্ৰাগছ ব্যৱসায়ীক কৰায়ত্ব কৰাক লৈ অঞ্চল জুৰি এক চাঞ্চলৰ সৃষ্টি হৈছে। জানিব পৰা মতে কলগাছিয়াৰ আৰক্ষীয়ে কলগাছিয়াৰ চিনেমাহল মাৰ্কেটৰ ওচৰত অৱস্থিত নুৰ আলম আৰু হাফিজুৰ ৰহমানৰ ঘৰত এক গোপন সূত্ৰৰ পম খেদি চলায় অভিযান। অভিযানত নুৰ আলম সহ আন তিনিজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।কিন্তু ঘটনাস্থলীৰ পৰা পলায়ন কৰে আন এজন ড্ৰাগছ মাফিয়া হাফিজুৰ ৰহমান।আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীৰ পৰা দুটাকৈ ড্ৰাগছৰ পেকেট, ১৪ টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ, নগদ ধন আৰু ৫ টাকৈ মোবাইল ফোন জব্দ কৰে। ড্ৰাগছ ব্যৱসায়ী চাৰিগৰাকী হ’ল ক্ৰমে- বলাইপাথাৰ গাঁৱৰ মিৰ লাবিবুল তৌহিদ, কলগাছিয়াৰ নুৰ আলম, ডিমাপুৰ গাঁৱৰ আদনুৰ হক আৰু আশ্ৰাফুল আলম।ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি শাস্তি প্ৰদান কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে প্ৰশাসনৰ ওচৰত।
Like this:
Like Loading...