ডিব্ৰুগড়ৰ ‘অপহৰণ’ কাণ্ডৰ নাটকীয় পৰিৱৰ্তন!
নিজকে,নিজেই কৰিলে অপহৰণ ?
তদন্তৰ অন্তত অপহৰণৰ ঘটনা খাৰিজ আৰক্ষীৰ
চাইন অন ডেস্ক,৯জুন:
নিজকে,নিজেই কৰিলে অপহৰণ ? এই মুলুকত যেন এতিয়া সকলো সম্ভৱ।নিজৰ একান্ত ব্যক্তিগত স্বাৰ্থ পূৰণ কৰিবলৈ গৈ এগৰাকী যুৱতীয়ে সোমবাৰে যি কাণ্ড কৰিলে,সেয়া শুনিলে আপোনাৰো চকু কপালত উঠিব।যোৰহাটৰ মহিলা এগৰাকীয়ে ৰচনা কৰা ডকাইতিৰ ঘটনা সদৃশ এই অপহৰণৰ ঘটনা।
ডিব্ৰুগড়ৰ পৰা এগৰাকী ১৯ বছৰীয়া যুৱতী নিৰুদ্দেশ হোৱাক কেন্দ্ৰ কৰি সোমবাৰে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছিল। কিন্তু আৰক্ষীৰ তদন্তত অপহৰণৰ কোনো প্ৰমাণ নোপোৱাৰ পিছতে সমগ্ৰ ঘটনাটোৱে এক নাটকীয় মোৰ লৈছে।
ডিব্ৰুগড়ৰ জিলা আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে জানিবলৈ দিয়ে যে ডিব্ৰুগড় থানাত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত এই সমগ্ৰ ঘটনাটোৰ পুংখানুপুংখ তদন্ত কৰা হৈছিল। এজাহাৰত অভিযোগ কৰা হৈছিল যে পুৱা প্ৰায় ৫:৩০ বজাত মাতৃৰ সৈতে মৰ্নিং ৱাক (ৰাতিপুৱা খোজ কাঢ়িবলৈ) ওলাই যোৱাৰ সময়তে এগৰাকী অচিনাকী ব্যক্তিয়ে যুৱতীগৰাকীক অপহৰণ কৰি লৈ যায়।
প্ৰাথমিক এজাহাৰ অনুসৰি, যুৱতীগৰাকীৰ মাতৃয়ে অভিযোগ কৰিছিল যে তেওঁ ফুল তুলি থকা অৱস্থাত এজন অজ্ঞাত ব্যক্তিয়ে তেওঁৰ জীয়েকৰ মুখত ৰুমাল এখন হেঁচি ধৰে, যাৰ ফলত যুৱতীগৰাকী অচেতন হৈ পৰে আৰু তাৰ পিছতে 
অৱশ্যে, আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ভুক্তভোগী যুৱতীগৰাকীক বিতংভাৱে সোধা-পোছা কৰাৰ লগতে একাধিক স্থানৰ চিচিটিভি (CCTV) ফুটেজ পৰীক্ষা কৰাৰ পিছত এক সম্পূৰ্ণ বিপৰীত তথ্য
পোহৰলৈ আহে।
তদন্তৰ সময়ত যুৱতীগৰাকীয়ে স্বীকাৰ কৰে যে তেওঁ নিজৰ ইচ্ছামতেই ঘৰৰ পৰা ওলাই আহিছিল আৰু মডেলিঙক কেৰিয়াৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে গুৱাহাটীলৈ যোৱাৰ বাবে অটো-ৰিক্সাৰে বাণীপুৰ ৰে’ল ষ্টেচনলৈ গৈছিল। তেওঁ তদন্তকাৰী বিষয়াক জনায় যে তেওঁৰ পিতৃ-মাতৃয়ে মডেলিঙৰ সপোনক সমৰ্থন কৰা নাছিল। যাৰ বাবে তেওঁ কাকো নজনোৱাকৈ ঘৰৰ পৰা ওলাই আহিছিল।
আৰক্ষীয়ে জনোৱা মতে, যুৱতীগৰাকীয়ে পুনৰ কয় যে ৰে’লত উঠি তিনিচুকীয়া ৰে’ল ষ্টেচনত উপস্থিত হোৱাৰ পিছত তেওঁ ভয় খাই যায়। তেওঁ ৰে’লৰ পৰা নামি ফোনযোগে পিতৃৰ সৈতে
যোগাযোগ কৰে আৰু অজ্ঞাত ব্যক্তিয়ে তেওঁক অপহৰণ কৰা বুলি এটা মিছা কাহিনী সাজি উলিয়ায়।
জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে যুৱতীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে আৰু তদন্তত অপহৰণ, বলপূৰ্বক আৱদ্ধ কৰি ৰখা বা তেনে কোনো ধৰণৰ অপৰাধমূলক ঘটনাৰ সত্যতা পোৱা হোৱা নাই।
প্ৰয়োজনীয় সকলো আনুষ্ঠানিকতা সম্পন্ন কৰাৰ পিছত যুৱতীগৰাকীক তেওঁৰ পিতৃ-মাতৃৰ হাতত অৰ্পণ কৰা হয়।
প্ৰথম অৱস্থাত সমগ্ৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত চাঞ্চল্যৰ সৃষ্টি কৰা এই গোচৰটো আৰক্ষীৰ তদন্তত কোনো অপৰাধমূলক দিশ ধৰা নপৰাত এতিয়া এক নিৰুদ্দেশৰ ঘটনা হিচাপে সামৰণি মৰা হৈছে।
