...

বিজনী ৰে’ল ষ্টেচনত ৰখোৱাৰ দাবী

বিজনী ৰে’ল ষ্টেচনত ৰখোৱাৰ দাবী

এক্সপ্ৰেছ ৰে’ল,মৰিয়নি ইণ্টাৰচিটি, দেওঘৰ এক্সপ্ৰেছ, কাঞ্চনজংঘা এক্সপ্ৰেছ

বিজনী,৫জুনঃ

বিজনী ৰে’ল যাত্ৰী অধিকাৰ মঞ্চ (BRYAM)ৰ উদ্যোগত আজি বিজনী ৰে’ল ষ্টেচনৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত ৰে’ল প্ৰশাসনলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰা হয়।
স্মাৰকপত্ৰখনত বিজনী ৰে’ল ষ্টেচনত এক্সপ্ৰেছ ৰে’ল, মৰিয়নি ইণ্টাৰচিটি, দেওঘৰ এক্সপ্ৰেছ, কাঞ্চনজংঘা এক্সপ্ৰেছ আদি গুৰুত্বপূৰ্ণ ৰে’লসমূহৰ ষ্টপেজ নিশ্চিত কৰাৰ লগতে যাত্ৰীসেৱা আৰু মৌলিক সুবিধাসমূহ উন্নত কৰাৰ দাবী উত্থাপন কৰা হয়।
সংগঠনটোৱে উল্লেখ কৰে যে স্থানীয় যাত্ৰীসকলৰ সুবিধা আৰু যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ বাবে এই দাবীসমূহ অতি শীঘ্ৰে কাৰ্যকৰী কৰাটো অত্যন্ত প্ৰয়োজনীয়।
BRYAM-এ আশা প্ৰকাশ কৰিছে যে ৰে’ল কৰ্তৃপক্ষই যাত্ৰীসকলৰ স্বাৰ্থৰ কথা বিবেচনা কৰি শীঘ্ৰেই ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *