“মোদী চৰকাৰে ২০৩১ চনৰ ভিতৰত পশ্চিমবংগৰ সামুদ্রিক খণ্ডত ৬২,৫০০ সংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ লক্ষ্য লৈছে”: সর্বানন্দ সোণোৱাল

• মেৰিটাইম অমৃতকাল ভিজন ২০৪৭ৰ অধীনত পূব ভাৰতৰ সামুদ্রিক, লজিষ্টিকছ আৰু জাহাজ নিৰ্মাণৰ প্ৰাণকেন্দ্ৰ হিচাপে পশ্চিমবংগক গঢ়ি তোলাৰ লক্ষ্য কেন্দ্ৰৰ
“মোদী চৰকাৰে ২০৩১ চনৰ ভিতৰত পশ্চিমবংগৰ সামুদ্রিক খণ্ডত ৬২,৫০০ সংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ লক্ষ্য লৈছে” : সৰ্বানন্দ সোণোৱাল কলকাতা, ৪ জুন, ২০২৬: কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কলকাতাত পশ্চিমবংগৰ মুখ্যমন্ত্রী শুভেন্দু অধিকাৰীৰ সৈতে সাক্ষাৎ কৰে আৰু ২০৩১ চনৰ ভিতৰত ১৯,২০৯ কোটি টকাৰ প্ৰস্তাৱিত সামুদ্রিক বিনিয়োগৰ জৰিয়তে পশ্চিমবংগক পূব ভাৰতৰ সামুদ্রিক প্রাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ সম্ভাৱনা সম্পৰ্কে আলোচনা কৰে৷ এই প্রকল্পসমূহে প্রত্যক্ষ আৰু পৰোক্ষভাৱে ৬২,৫০০ৰো অধিক সংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ লগতে ৰাজ্যখনক পূব ভাৰতৰ এক গুৰুত্বপূৰ্ণ সামুদ্রিক আৰু লজিষ্টিকছ প্ৰাণকেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব বুলি আশা কৰা হৈছে৷
কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল আৰু মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ এই বৈঠকত উক্ত বিনিয়োগৰ ৰ’ডমেপ সন্দৰ্ভত পর্যালোচনা কৰা হয়, য’ত দুয়োগৰাকী নেতাই ৰাজ্যখনত বন্দৰ, অভ্যন্তৰীণ জলপথ, জাহাজ নির্মাণ, লজিষ্টিকছ আৰু বন্দৰ-ভিত্তিক ঔদ্যোগিকীকৰণৰ ভৱিষ্যতৰ উন্নয়ন সম্পৰ্কে আলোচনা
কৰে৷

সোণোৱালে এই সন্দৰ্ভত কয় যে এই বিনিয়োগ কাৰ্যসূচী ব্যক্তিগত মূলধন আকৰ্ষণ, বৃহৎ পৰিসৰত সংস্থাপনৰ সুযোগ সৃষ্টি আৰু পশ্চিমবংগক সামুদ্রিক লজিষ্টিকছ বিনিয়োগৰ বাবে আকৰ্ষণীয় গন্তব্যস্থান হিচাপে প্রতিষ্ঠিত কৰাৰ উদ্দেশ্যে প্ৰস্তুত কৰা হৈছে৷
আৰু

মুখ্যমন্ত্রী শুভেন্দু অধিকাৰীয়ে সামুদ্রিক আন্তঃগাঁথনি, জলপথৰ উন্নয়ন, ড্রেজিং, নদীৰ পাৰৰ উন্নয়ন প্রকল্প আৰু সংযোগ ব্যৱস্থাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত অব্যাহত পাৰস্পৰিক সহযোগিতাক আদৰণি জনায়৷ লগতে
ৰাজ্যখনত অর্থনৈতিক কার্যকলাপ আৰু বাণিজ্য বৃদ্ধিৰ উদ্দেশ্যে অগ্ৰাধিকাৰভিত্তিক প্রকল্পসমূহৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সহায় বিচাৰে৷ এই বৈঠকে পশ্চিমবংগৰ কৌশলগত ভৌগোলিক অৱস্থান, বিস্তৃত নদী নেটৱৰ্ক আৰু ঔদ্যোগিক ভিত্তিক জলপথ খণ্ডৰ ব্যৱহাৰ কৰি ৰাজ্যখনক সামুদ্রিক বিনিয়োগৰ এক শীর্ষ গন্তব্যস্থান আৰু ভাৰতৰ বিকাশৰ চালিকাশক্তি হিচাপে গঢ়ি 
শুভেন্দু অধিকাৰীয়ে কয়, “সাগৰমালা ২.০, হুগলী নদীৰ তলত প্ৰস্তাৱিত সুৰংগ, জেটি আন্তঃগাঁথনিৰ উন্নয়ন, ৰাষ্ট্ৰীয় জলপথ-১ৰ ড্রেজিং, হুগলী নদীৰ পাৰ সুৰক্ষা আৰু ভূমি তথা জলসিঞ্চন সম্পৰ্কীয় বিভিন্ন বিষয়কে ধৰি কেইবাটাও অগ্ৰাধিকাৰভিত্তিক সামুদ্রিক আৰু সংযোগ প্ৰকল্পৰ সন্দৰ্ভত আমাৰ ফলপ্ৰসূ আলোচনা অনুষ্ঠিত হৈছে৷ এই পদক্ষেপসমূহ পশ্চিমবংগৰ সামুদ্রিক খণ্ডক শক্তিশালী কৰা আৰু অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আৰু কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সক্ৰিয় সহযোগিতাত কেন্দ্ৰীয় চৰকাৰৰ সৈতে আমাৰ ৰাজ্যখনৰ সৰ্বাংগীণ উন্নয়নৰ বাবে আমাৰ পাৰস্পৰিক সহযোগিতা আগলৈও অব্যাহত থাকিব৷”
ৰাজ্যখনৰ ক্ৰমবৰ্ধমান সামুদ্রিক সম্ভাৱনাৰ ওপৰত আলোকপাত কৰি সোণোৱালে উল্লেখ কৰে যে শ্যামা প্ৰসাদ মুখার্জী বন্দৰত পণ্য পৰিবহণ ২০১৪ চনৰ ৪৬.২৯ নিযুত মেট্ৰিক টনৰ পৰা ২০২৫-২৬ বৰ্ষত ৭০.৮৭ নিযুত
মেট্রিক টনলৈ বৃদ্ধি পাইছে৷ একেদৰে, অভ্যন্তৰীণ জলপথেৰে পণ্য পৰিবহণ বিগত এটা দশকত প্রায় পাঁচগুণ বৃদ্ধি পাইছে৷
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰস্তাৱিত বিনিয়োগসমূহে লজিষ্টিকছ ব্যৱস্থাৰ কাৰ্যক্ষমতা বৃদ্ধি, পৰিবহণ ব্যয় হ্ৰাস, ৰপ্তানি খণ্ডৰ শক্তিশালীকৰণ আৰু সামুদ্রিক সংযোগৰ ওপৰত নিৰ্ভৰশীল উদ্যোগসমূহৰ বাবে এক অনুকূল পৰিৱেশ গঢ়ি তুলিব৷ তেওঁ লগতে কয় যে বন্দৰ, জলপথ, লজিষ্টিকছ পার্ক আৰু সামুদ্রিক উৎপাদন সুবিধাসমূহৰ সমন্বিত উন্নয়নে পশ্চিমবংগৰ লগতে সমগ্ৰ পূব আৰু উত্তৰ-পূব ভাৰতৰ অৰ্থনৈতিক বিকাশ অধিক ত্বৰান্বিত কৰিব৷