উন্নয়নে ঢুকি নোপোৱা এখন গাঁও
বিড়ম্বনাত জীয়াতু ভূগিছে জনতাই
চাইন আন ডেস্ক,৩জুন:
স্বাধীনতাৰ সাত দশকৰ পাছতো উন্নয়নে ঢুকি পোৱা নাই নৱগঠিত বকো-ছয়গাঁও সমষ্টিৰ ৩৯ নং পশ্চিম বেকেলী গাঁও পঞ্চায়তৰ অন্তৰ্গত ১নং উত্তৰ ছেখাদাৰী গাঁৱখন ৷ গাঁৱত 

একপ্ৰকাৰ বাৰিষা হ’লেই যেন পদ্মপুৰৰ পৰা বাগডোবা সংযোগী পথচোৱা বন্ধ হৈ পৰে৷ সেয়েহে গাঁৱখনৰ ৰাইজে স্থানীয় নৱনিৰ্বাচিত স্থানীয় বিধায়ক ৰাজু মেচক গাঁৱখনৰ যাতায়ত ব্যৱস্থা সুচল কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰি গাঁৱবাসীক যাতায়তৰ ক্ষেত্ৰত সকাহ দিবলৈ দাবী জনাইছে।