ঢকুৱাখনাত হোমেন বৰগোহাঞিৰ মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজিত
‘প্ৰেৰণাৰ এপষেক’ৰ সফল সামৰণি
ঢকুৱাখনা,২৯মে’:
বৰেণ্য সাহিত্যিক, সাংবাদিক তথা চিন্তাবিদ ,অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হোমেন বৰগোহাঞিৰ পঞ্চম মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি তেওঁৰ জন্ম স্থান ঢকুৱাখনাত হোমেন বৰগোহাঞি ন্যাসৰ উদ্যোগত ‘প্ৰেৰণাৰ এপষেক’ নামৰ এলানি কাৰ্যসূচী পালন কৰা হয়। বিশিষ্ট সাংবাদিক গৰাকীৰ সৃষ্টিৰাজি আৰু আদৰ্শ নতুন প্ৰজন্মক পৰিচিত কৰি ৰখাৰ মানসেৰে গঠিত হোমেন বৰগোহাঞি ন্যাস আৰু প্ৰেছ গীল্ড, ঢকুৱাখনাৰ যৌথ উদ্যোগত যোৱা ১২ মে’ত তেওঁ প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা ঢকুৱাখনা চৰকাৰী মজলীয়া ( বৰ্তমান উচ্চ মাধ্যমিক) বিদ্যালয়ত ২০২৬ বৰ্ষৰ প্ৰেৰণাৰ এপষেক আৰম্ভ কৰা হয়। হোমেন বৰগোহাঞিৰ জীৱিত কালতে ২০১২ চনত প্ৰতিষ্ঠা কৰা ন্যাসৰ উদ্যোগত ২০২২ চনৰ পৰা প্ৰয়াত কথাশিল্পী গৰাকীৰ মৃত্যু তিথিৰ পৰা ‘প্ৰেৰণাৰ এপষেক ‘ নামেৰে এলানি অনুষ্ঠান ৰূপায়ণ কৰি অহা হৈছে। এইবাৰৰ পষেকটো ন্যাসে প্ৰেছ গীল্ড, ঢকুৱাখনাৰ সহযোগত অনুষ্ঠিত কৰে। পষেকৰ প্ৰথম দিনটো ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ত অনুষ্ঠিত কৰাৰ পিছত ক্ৰমে ১২ মে’ত পি এম শ্ৰী গোবিন্দপুৰ মজলীয়া বিদ্যালয়,১৪ মে’ত মাধৱদেৱ উচ্চ মাধ্যমিক বিদ্যালয়,১৫ মে’ত পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়,১৮ মে’ত ঢকুৱাখনা বালিকা জ্যেষ্ঠ উচ্চ মাধ্যমিক বিদ্যালয়ত,২১মে’ত ঢকুৱাখনা টাউন হাইস্কুলত ২২ মে’ত সৰ্বোদয় হাইস্কুলত,২৫ মে’ত কেকুঁৰি বিল্লাম
হাইস্কুলত ২৬ মে’ত ভোমা জাৰণি হাইস্কুলত অনুষ্ঠিত হয়।হোমেন বৰগোহাঞি ন্যাসৰ সাহিত্য সম্পাদক হেমন্ত কুমাৰ বৰুৱাই আঁত ধৰা উক্ত অনুষ্ঠানবোৰত হোমেন বৰগোহাঞি ন্যাসৰ সচিব সেৱক চন্দ্ৰ চুতীয়া , সমন্বয়ক দুলেন চমুৱা,প্ৰেছ গীল্ডৰ সভাপতি তথা অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক তোলন চন্দ্ৰ , সম্পাদক পুলকজ্যোতি বৰা , সাহিত্য সচিব তথা প্ৰেছ গীল্ডৰ জ্যেষ্ঠ সদস্য হেমন্ত কুমাৰ বৰুৱাই হোমেন বৰগোহাঞিৰ জীৱন আৰু কৰ্মৰ বিভিন্ন দিশৰ আলোচনা আগবঢ়ায়। বিশেষকৈ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে অমল প্ৰেৰণাৰ উৎস হিচাপে হোমেন বৰগোহাঞিৰ লেখনিসমূহৰ ওপৰত বক্তাসকলে অৱলোকন আগবঢ়ায়। অনুষ্ঠান বোৰত সংশ্লিষ্ট বিদ্যালয়ৰ প্ৰধান আৰু একোজনকৈ শিক্ষকেও হোমেন বৰগোহাঞিৰ সম্পৰ্কে বক্তব্য ৰাখে। ইফালে প্ৰেৰণাৰ এপষেকৰ আজি অন্তিমটো অনুষ্ঠান চুবুৰীয়া ধেমাজি জিলাৰ মাছখোৱাৰ মাছখোৱা টাউন হাইস্কুলত অনুষ্ঠিত হয়। শিক্ষানুষ্ঠানখনৰ প্ৰধান শিক্ষক গোবিন দত্তৰ আদৰণী ভাষণৰে আৰম্ভ হোৱা অনুষ্ঠানটোৰ আঁতধৰে হেমন্ত কুমাৰ বৰুৱাই।সভাখনত উপস্থিত থাকি ন্যাসৰ সচিব সেৱক চন্দ্ৰ চুতীয়াই জীৱন সম্পৰ্কে হোমেন বৰগোহাঞিৰ দৰ্শন আৰু তেওঁ কিদৰে জীৱনৰ প্ৰতিটো ক্ষণ উদযাপন কৰিবলৈ প্ৰেৰণা যোগাইছিল তাৰ লগতে ত্যাগৰ আদৰ্শৰে হোমেন বৰগোহাঞিয়ে অসমীয়া জাতিৰ প্ৰতি অমূল্য অৰিহণা আগবঢ়াই থৈ গৈছে তাৰ ওপৰত আলোকপাত কৰে। চুতীয়াই লগতে শিক্ষক আৰু জ্যেষ্ঠ জনৰ প্ৰতি শ্ৰদ্ধাশীল হোৱাৰ আহ্বান জনায়।সভাখনত ঢকুৱাখনা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কল্পনা গগৈয়ে ছাত্ৰ-ছাত্ৰী সকলক প্ৰচুৰ অধ্যয়ন কৰিবলৈ আহ্বান জনাই কয় যে জ্ঞান অৰ্জনৰ বাবে গ্ৰন্থ অধ্যয়নৰ বিকল্প নাই। সভাখনত ন্যাসৰ সমন্বয়ক দুলেন চমুৱাই হোমেন বৰগোহাঞিৰ লেখনিৰ উদ্ধৃতিৰে ছাত্ৰ-ছাত্ৰী সকলক পঢ়ি মনত ৰখাৰ কৌশলৰ বিষয়ে অৱগত কৰে। অনুষ্ঠানটোত বিদ্যালয়খনৰ প্ৰধান শিক্ষক গোবিন দত্তয়ো বক্তব্য ৰাখে। দুই শতাধিক ছাত্ৰ-ছাত্ৰী, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী , কৰ্মচাৰীৰ আৰু বহুসংখ্যক অভিভাৱকৰ লগতে ন্যাসৰ সদস্য অৰূপ বৰুৱাও উপস্থিত থাকে।
Like this:
Like Loading...