শিক্ষানুষ্ঠানত উপস্থিত নথকাকৈয়ে শিক্ষা সেঁতু এপত উপস্থিত !
শিক্ষয়ত্ৰীৰ কৰ্মকাণ্ডক লৈ তীব্ৰ প্ৰতিক্ৰিয়া
চাইন অন ডেস্ক,২৯মে’:
ডিব্ৰুগড় জিলাৰ উপকণ্ঠ অঞ্চল জকাইস্থিত ১০ নং বৰবিল প্ৰাথমিক বিদ্যালয়ক কেন্দ্ৰ কৰি এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। বিদ্যালয়ত সোঁ-শৰীৰে উপস্থিত নাথাকিও ‘শিক্ষা সেঁতু’ এপত উপস্থিতি দেখুওৱাৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী শিক্ষয়ত্ৰীৰ বিৰুদ্ধে। ঘটনাটোৱে ইতিমধ্যে ডিব্ৰুগড়ৰ সচেতন মহল আৰু অভিভাৱক সমাজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ইফালে বিদ্যালয়খনৰ প্ৰধান শিক্ষক অনিল কুমাৰ সোনোৱালে সংবাদ মাধ্যমৰ আগত স্পষ্টভাৱে জনায় যে, ২৬ মে’ তাৰিখে নয়নমণি চেতিয়া বিদ্যালয়খনলৈ অহা নাছিল।উল্লেখযোগ্য যে, ১৯২৯ চনত প্ৰতিষ্ঠা লাভ কৰা ঐতিহ্যমণ্ডিত ১০ নং বৰবিল প্ৰাথমিক বিদ্যালয়খনত উপযুক্ত শিক্ষকৰ অভাৱত বিগত প্ৰায় পাঁচ মাহ ধৰি কেৱল এজন শিক্ষকেই পাঠদান কৰি আহিছে। ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতৰ কথা চিন্তা কৰি আৰু স্থানীয় ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই ডিব্ৰুগড় শিক্ষা বিভাগে প্ৰায় তিনিমাহ পূৰ্বেই নয়নমণি চেতিয়াক উক্ত বিদ্যালয়ত যোগদান কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু অভিযোগ অনুসৰি তেওঁ সেই নিৰ্দেশ মানি যোগদান কৰা নাছিল।
পুনৰ যোৱা ২৫ মে’ তাৰিখে ডিব্ৰুগড় শিক্ষা বিভাগে জৰুৰী নিৰ্দেশ জাৰি কৰি শিক্ষয়ত্ৰীগৰাকীক বিদ্যালয়খনত যোগদান কৰিবলৈ কোৱা হৈছিল যদিও, বিদ্যালয়ত উপস্থিত নথকাকৈ এপত উপস্থিতি দেখুওৱাৰ অভিযোগে শিক্ষা বিভাগৰ কাৰ্যপদ্ধতি আৰু দায়িত্ববোধক লৈও বহু প্ৰশ্নৰ সৃষ্টি কৰিছে।ঘটনাটো পোহৰলৈ অহাৰ পিছত ডিব্ৰুগড়ৰ বৌদ্ধিক সমাজত ব্যাপক আলোচনা আৰম্ভ হৈছে। এতিয়া শিক্ষয়ত্ৰীগৰাকীৰ বিৰুদ্ধে ডিব্ৰুগড় জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক কাৰ্যালয়ে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে, সেয়া লক্ষণীয় হৈ পৰিছে।
