...

বুঢ়ীদিহিং নদীৰ জকাই উলোম গাঁৱৰ শ্লুইচ গেট বিপদমুক্ত হয় নে?

বুঢ়ীদিহিং নদীৰ জকাই উলোম গাঁৱৰ শ্লুইচ গেট বিপদমুক্ত হয় নে?

৪০-৫০বছৰৰ পূৰ্বে নিৰ্মান শ্লুইচ গেট

চাইন অন ডেস্ক,২৮মেঃ

ডিব্ৰুগড় জিলাৰ নৱগঠিত খোৱাং সমষ্টিৰ অন্তৰ্গত ডিব্ৰুগড় জলসম্পদ সংমণ্ডলৰ অধীনৰ বুঢ়ীদিহিং নদীৰ সোঁ পাৰৰ জকাই উলোম পথাৰ গাঁৱৰ শৰাইঘাট নামঘৰৰ সমীপৱৰ্তী বুঢ়ীদিহিং নদীৰ মথাউৰি সংযোগস্থলত থকা কালভাৰ্টৰ শ্লুইচ গেট খন বিপদ মুক্ত হয়নে এইক্ষেত্ৰত বিভাগীয় কতৃপক্ষই তদাৰক কৰাৰ প্ৰয়োজন আহি পৰিছে। আজিৰ পৰা প্ৰায় ৪০-৫০বছৰৰ পূৰ্বে স্থাপিত কালভাৰ্টটোৰ শ্লুইচ গেট খনে বিগত সময়ত নদীৰ বাঢ়নী পানী খেতি পথাৰলৈ সোমোৱা আৰু অধিক পানী জমা হ’লে উলিয়াই নিষ্কাষণ কৰাৰ ক্ষেত্ৰত ব্যৱহৃত হৈ আহিছে। বিগত কেই বছৰমান বানপানী নোহোৱাৰ বাবে শ্লুইচ গেট খনেদি পানী উলোৱা সোমোৱা হোৱা পৰিলক্ষিত হোৱা নাই যদিও বুঢ়ীদিহিং নদীৰ সোঁ পাৰৰ জকাই উলোম,বৰবিলকে ধৰি অঞ্চলটোৰ ২০-২৫খন গাঁৱৰ খেতিপথাৰৰ বাবে উক্ত শ্লুইচ গেট খনে বানপানীৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যথেষ্ট ফলপ্ৰসূ হিচাপে পৰিগণিত হৈছে। ইতিমধ্যে বুঢ়ীদিহিং নদীৰ সোঁ পাৰৰ বুঢ়ীদিহিং মথাউৰিটো জকাই শৰাইঘাট চাৰি আলিৰ পৰা বৰবিললৈকে মেৰামতি কৰা হৈছে, কিন্তু বৰষুণৰ ফলত জহি খহি ঠায়ে ঠায়ে দ হৈ পৰিছে।যি কি নহওঁক স্থানীয় ৰাইজে উক্ত মথাউৰি সংযোগস্থলত থকা কালভাৰ্টৰ শ্লুইচ গেট খন বিপদ পৰিস্থিতিৰ ওপৰত তদাৰক কৰাৰ উপৰিও মথাউৰিটোৰ আধাৰুৱা কাম ভৰ বাৰিষাৰ আগতেই সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। বিশেষকৈ বুঢ়ীদিহিং নদীৰ সোঁ পাৰৰ জকাই উলোম পথাৰ গাঁৱৰ শৰাইঘাট নামঘৰৰ সমীপৱৰ্তী মথাউৰিটোৰ সংযোগ স্থলত অৱস্থিত কালভাৰ্টৰ শ্লুইচ গেট খনৰ দুয়ো ফালে হাবি বননিৰে ভৰপূৰ হৈ জৰাজীৰ্ণ ৰূপ ধাৰণ কৰাৰ ফলত শ্লুইচ গেটৰ দূয়ো ফালে কদৰ্যময় হৈ পৰিছে। আনকি শ্লুইচ গেট খনৰ পানী নিষ্কাষণ ব্যৱস্থাৰ ক্ষেত্ৰতো সমস্যাই দেখা দি আহিছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে। স্থানীয় ৰাইজে বুঢ়ীদিহিং নদীৰ সোঁ পাৰৰ জকাই শৰাইঘাট চাৰি আলিৰ পৰা বৰবিললৈকে মেৰামতি কৰা মথাউৰি ওপৰত পকীকৰণ,শ্লুইচ গেট তদাৰক, প্ৰয়োজন সাপেক্ষে মেৰামতিৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবলৈ নৱনিৰ্বাচিত অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী, ডিব্ৰুগড় জিলা আয়ুক্ত, ডিব্ৰুগড় জিলাৰ জলসম্পদ সংমণ্ডলৰ প্ৰতি দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *