ডিব্ৰুগড় ৰাজপথত তীব্ৰ আতংক ?
ক্ৰমাৎ বৃদ্ধি পোৱা দুৰ্ঘটনাক লৈ উদ্বিগ্ন সচেতন মহল
চাইন অন ডেস্ক,২৭মে’:
ডিব্ৰুগড় চহৰৰ ৰাজপথত বৰ্তমান আতংকৰ অন্যতম কাৰণ হিচাপে পৰিগণিত হৈছে টম-টম, গ’গ’ আদি ইলেক্ট্ৰিক বাহন। বিশেষকৈ মহানগৰৰ ব্যস্ত পথসমূহত এনে বাহনৰ অবাধ চলাচল, বেপৰোৱা চালনা আৰু নীতি-নিয়ম অবজ্ঞাৰ ফলত সাধাৰণ যানবাহন চলাচল 
সচেতন মহলে অভিযোগ কৰা মতে, বহু চালকৰ ড্ৰাইভিং লাইচেঞ্চ, যানবাহনৰ নথিপত্ৰ বা মৌলিক ট্ৰেফিক নিয়ম সম্পৰ্কে কোনো ধাৰণা নাই। ফলত ডিব্ৰুগড় চহৰৰ মাজমজিয়াত সাধাৰণভাৱে চলাচল কৰা বাহনসমূহ প্ৰায়ে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। বহু ক্ষেত্ৰত সংকীৰ্ণ পথত হঠাতে বাহন ঘূৰোৱা, বিপৰীত দিশে চলাচল কৰা আৰু যাত্ৰীৰ বাবে ৰাজপথৰ মাজত বাহন ৰখোৱাৰ দৰে ঘটনাই জনসাধাৰণক অধিক বিপদৰ সন্মুখীন কৰিছে। ইতিমধ্যে এনেবোৰ কাৰণতে কেইবাটাও দূৰ্ঘটনা সংঘটিত হৈছে।
ইফালে, এনে পৰিস্থিতিৰ প্ৰতি ডিব্ৰুগড় জিলা প্ৰশাসন আৰু পৰিবহণ বিভাগে এতিয়ালৈকে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগো উত্থাপন হৈছে।সময় থাকোঁতেই যদি প্ৰশাসনে কঠোৰ নিয়ম প্ৰয়োগ, চালকৰ পৰীক্ষা আৰু নিয়মীয়া তদাৰকিৰ ব্যৱস্থা নলয়, তেন্তে আগন্তুক দিনত এই সমস্যাই এক ভয়ংকৰ ৰূপ ল’ব পাৰে।
