ৰাজ্যত অব্যাহত থকা পেট্ৰ’ল-ডিজেল, অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আৰু জীৱনদায়নী ঔষধৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে ডিব্ৰুগড়ত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই। আজি ডিব্ৰুগড় মহানগৰৰ ঐতিহাসিক চৌকিডিঙ্গী চাৰিআলিত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে জিলা ছাত্ৰ সন্থাই এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰী ছাত্ৰ কৰ্মীসকলে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে আৰু কাৰ্যসূচীৰ অন্তত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ পুত্তলিকা দাহ কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে দিনক দিনে বৃদ্ধি পোৱা মূল্যবৃদ্ধিৰ ফলত সাধাৰণ জনতা জীয়াতু ভুগিবলগীয়া হৈছে। বিশেষকৈ পেট্ৰ’ল-ডিজেল, খাদ্য সামগ্ৰী আৰু জীৱনদায়নী ঔষধৰ আকাশলংঘী দাম বৃদ্ধিৰ বাবে মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ লোকসকল আটাইতকৈ বেছি সমস্যাৰ সন্মুখীন হৈছে। চৰকাৰে জনসাধাৰণৰ এই জ্বলন্ত সমস্যাটো সমাধানৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই বুলি আছুৱে ক্ষোভ প্ৰকাশ কৰে। প্ৰতিবাদী স্থানত উপস্থিত থাকি ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিতুপন গগৈয়ে চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি কয়— ‘নিৰ্বাচনৰ পূৰ্বে চৰকাৰ গঠনৰ আগমুহূৰ্তত বিজেপিয়ে ৰাইজৰ মাজলৈ গৈ দুখ-দুৰ্দশা বুজি পোৱাৰ ভাও জুৰিছিল আৰু মূল্যবৃদ্ধি হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু চৰকাৰ গঠন কৰাৰ পিছৰে পৰা তেওঁলোকে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পাহৰি গ’ল। আজি অসমৰ ৰাইজে মূল্যবৃদ্ধিৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে অথচ চৰকাৰখনে ইয়াক ৰোধ কৰিবলৈ কোনো ব্যৱস্থা লোৱা নাই। আমি এই প্ৰতিবাদী স্থলীৰ পৰা পেট্ৰ’লিয়াম মন্ত্ৰীক অতি শীঘ্ৰে পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস কৰিবলৈ দাবী জনাইছোঁ আৰু অসম চৰকাৰকো ৰাইজৰ দুখ-কষ্টৰ কথা চিন্তা কৰি বিহিত ব্যৱস্থা ল’বলৈ আহ্বান জনাইছোঁ।’ আনহাতে, প্ৰতিবাদত অংশগ্ৰহণ কৰি ডিব্ৰুগড় ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক পাপু শইকীয়াই কেন্দ্ৰীয় মন্ত্ৰী পীয়ূষ গোৱেল আৰু পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীক লক্ষ্য কৰি তীব্ৰ আক্ৰমণাত্মক মন্তব্য কৰে। তেওঁ কয় যে, ‘বিজেপি চৰকাৰে এতিয়া দেশৰ মূল্যবৃদ্ধিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যুদ্ধৰ অজুহাত দি সাৰি যাব খুজিছে। মন্ত্ৰী পীয়ূষ গোৱেলে বিদেশৰ লিষ্ট দেখুৱাই থকা কাৰ্যই অসমৰ ৰাইজক বুৰ্বক সজোৱাৰ চেষ্টা কৰিছে। যেতিয়া দেশত কোনো যুদ্ধ হোৱা নাছিল, তেতিয়াও ৬০ টকাৰ পেট্ৰ’ল কেনেকৈ ১০০ টকা পালেগৈ? কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰীগৰাকী নিজৰ বিভাগ চলোৱাত সম্পূৰ্ণ ব্যৰ্থ হৈছে। কেৱল পেট্ৰ’ল-ডিজেলেই নহয়, ঔষধ, ৰন্ধন গেছ আৰু সকলো খাদ্য সামগ্ৰীৰ দামো নিয়ন্ত্ৰণহীনভাৱে বাঢ়িছে। বিৰোধী দুৰ্বল হোৱাৰ বাবেই চৰকাৰে সদনত এনেকুৱা তুলুঙা মন্তব্য দি হাত সাৰিবলৈ সুবিধা পাইছে।’ প্ৰতিবাদকাৰী ছাত্ৰ সন্থাই চৰকাৰক কঠোৰ সকীয়নি প্ৰদান কৰি কয় যে যদিহে অতি শীঘ্ৰে চৰকাৰে এই নিয়ন্ত্ৰণহীন মূল্যবৃদ্ধি ৰোধ নকৰে, তেন্তে অনাগত দিনত চৰকাৰে ডিব্ৰুগড়ৰ লগতে সমগ্ৰ ৰাজ্যজুৰি জংগী আৰু বৃহৎ গণতান্ত্ৰিক আন্দোলনৰ সন্মুখীন হ’বলৈ সাজু থাকিব লাগিব।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.