...

পেট্ৰল-ডিজেল আৰু ৰন্ধন গেছৰ অভাৱনীয় মূল্যবৃদ্ধি

পেট্ৰল-ডিজেল আৰু ৰন্ধন গেছৰ অভাৱনীয় মূল্যবৃদ্ধি

ডিব্ৰুগড়ত চি পি আই (এম)ৰ প্ৰতিবাদ

চাইন অন ডেস্ক,২৬ মে’:

দেশত অপৰিকল্পিত অৰ্থনৈতিক নীতি আৰু পেট্ৰল, ডিজেল তথা এল পি জি চিলিণ্ডাৰৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ডিব্ৰুগড়ত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে চি পি আই (এম)ৰ ডিব্ৰুগড় জিলা কমিটিয়ে। ডিব্ৰুগড় মহানগৰৰ চৌকিডিঙ্গী চাৰিআলিত প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰি বাওপন্থী দলটোৱে চৰকাৰৰ জনবিৰোধী নীতিৰ তীব্ৰ সমালোচনা কৰাৰ লগতে ৰাইজক ঐক্যবদ্ধ প্ৰতিবাদৰ বাবে আহ্বান জনাইছে। চি পি আই (এম) ডিব্ৰুগড় জিলা কমিটিৰ সম্পাদক সুৰেশ চন্দ্ৰ ডেকাই উল্লেখ কৰি কয় যে, নিৰ্বাচন সমাপ্ত হোৱাৰ লগে লগেই চৰকাৰে নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য অস্বাভাৱিক হাৰত বৃদ্ধি কৰি সাধাৰণ ৰাইজক মাধমাৰ শোধাইছে। বৰ্তমান পেট্ৰলৰ মূল্য প্ৰতিলিটাৰত ১০১.৪৫ টকা আৰু ডিজেলৰ মূল্য ৯২.৪০ টকাত উপনীত হৈছে। লগতে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৯৬২ টকালৈ বৃদ্ধি পোৱাৰ লগতে বজাৰত ইয়াৰ কৃত্রিম নাটনিয়ে জনজীৱন বিপৰ্যস্ত কৰি তুলিছে। দলটোৱে অভিযোগ কৰে যে, ২০১৪ চনত পেট্ৰল-ডিজেল আৰু গেছৰ যি দাম আছিল, আজিৰ তাৰিখত সেয়া আকাশলংঘী হৈ পৰিছে। আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ দাম কম থাকোতে চৰকাৰে দৰ হ্ৰাস নকৰি বৰঞ্চ আৱকাৰী শুল্ক আৰু চেচৰ জৰিয়তে ৰাজহ সংগ্ৰহতহে গুৰুত্ব দিছে। ইয়াৰ ফলত পৰিবহণ খণ্ডৰ পৰা আৰম্ভ কৰি কৃষি উৎপাদনলৈকে সকলো দিশতে মূল্যবৃদ্ধিৰ প্ৰভাৱ পৰিছে। দলটোৱে প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, দেশৰ অৰ্থনৈতিক সংকটৰ দোহাই দি ৰাইজক কৃচ্ছ্ৰসাধনৰ নিৰ্দেশ দিয়া চৰকাৰখনে আনহাতে বৃহৎ কৰ্প’ৰেট গোষ্ঠীসমূহক আঠ লাখ কোটি টকাৰ কৰ ৰেহাই দিছে। আম্বানি-আদানিৰ দৰে পুঁজিপতিৰ স্বাৰ্থত লোৱা এই নীতিয়েই দেশৰ অৰ্থনৈতিক অৱস্থাৰ প্ৰকৃত কাৰণ বুলিও দলটোৱে উল্লেখ কৰে। আনহাতে দলটোৱে পেট্ৰল, ডিজেল তথা পেট্ৰলজাত সামগ্ৰীৰ বৰ্ধিত মূল্য আৰু অতিৰিক্ত শুল্ক প্ৰত্যাহাৰ কৰা, ৰন্ধন গেছৰ মূল্য হ্ৰাস আৰু ইয়াৰ নিয়মীয়া যোগান সুনিশ্চিত কৰা, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰা, বৃহৎ কৰ্প’ৰেট গোষ্ঠীৰ ওপৰত সম্পদ কৰ আৰোপ কৰা আদি দাবীসমূহক লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ আনহাতে চৰকাৰৰ এনে জনবিৰোধী নীতিৰ বিৰুদ্ধে সৰ্বস্তৰৰ ৰাইজক ঐক্যবদ্ধভাৱে প্ৰতিবাদ গঢ়ি তুলিবলৈ চি পি আই (এম) ডিব্ৰুগড় জিলা কমিটিয়ে আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *