...

অসমৰ সু-সন্তানৰ ব্ৰিটেইনত জ্যেষ্ঠ বিজ্ঞানী পদত যোগদান

অসমৰ সু-সন্তানৰ ব্ৰিটেইনত জ্যেষ্ঠ বিজ্ঞানী পদত যোগদান

বিজ্ঞানী ড° জগন্নাথ বিশ্বকৰ্মাৰ ব্ৰিটেইনৰ পৰিবেশ গৱেষণা আৰু নীতি-ব্যৱস্থাত জ্যেষ্ঠ বিষয়াৰ দায়িত্ব

নগাঁও,২৬মে’:

অসমৰ তথা নগাঁৱৰ সুসন্তান তথা পৰিবেশ বিজ্ঞানী ড° জগন্নাথ বিশ্বকৰ্মাই ইংলেণ্ডৰ পৰিৱেশ, খাদ্য আৰু গ্ৰাম্য পৰিক্ৰমা বিভাগ (ডেফ্ৰা) ত পৰিবেশ আৰু জলসম্পদ সংলগ্ন অসামৰিক সেৱাৰ গুৰুত্বপূৰ্ণ জ্যেষ্ঠ বিজ্ঞান বিষয়া হিচাপেনতুন দায়িত্ব গ্ৰহণ কৰিছে।

যোৱা দুই দশক ধৰি ড° বিশ্বকৰ্মাই ভাৰত, জাপান, চুইজাৰলেণ্ড আৰু যুক্তৰাজ্যত পৰিৱেশ বিজ্ঞান আৰু জলসম্পদৰ ওপৰত গৱেষণা কৰি আহিছে। ই টি এইচ জুৰিখ, ইৱাগ, ইউৰোপীয় চিনক্ৰ’ট্ৰন বিকিৰণ সুবিধা গ্ৰেনোবল আৰু ব্রিষ্টল বিশ্ববিদ্যালয়ৰ দৰে বিশ্ববিখ্যাত প্ৰতিষ্ঠানৰ সৈতে তেওঁ জড়িত। ভাৰততো তেওঁ আই আই টি হায়দৰাবাদৰ অতিথি অধ্যাপক আৰু অসমৰ কেইবাখনো বিশ্ববিদ্যালয়ৰ সৈতে বিভিন্ন গৱেষণা প্ৰকল্পত জড়িত।

তেওঁৰ গৱেষণাৰ মূল বিষয়বস্তু হৈছে পানীৰ প্ৰদূষণ আৰু পৰিশোধন, কৃষি আৰু জলসিঞ্চন আৰু খনন অঞ্চলৰ মাটি আৰু প্ৰদূষিত পানীৰ পৰা জটিল ধাতু আৰু খনিজ পদাৰ্থ উদ্ধাৰ কৰা।

বিশেষকৈ, ভূগৰ্ভস্থ পানীত আৰ্ছেনিকৰ দৰে বিষাক্ত পদাৰ্থ কেনেদৰে বিস্তাৰ লাভ কৰে আৰু মানুহৰ স্বাস্থ্যত প্ৰভাৱ পেলায়, সেই বিষয়ত তেওঁ দীর্ঘদিন ধৰি বিশ্ব জুৰি গবেষণা কৰি আহিছে। দক্ষিণ পূব এছিয়াৰ বহু অঞ্চলত বিশুদ্ধ পানী আৰু জনস্বাস্থ্যৰ সৈতে জড়িত সমস্যাৰ ক্ষেত্ৰত এই গৱেষণাৰ বিশেষ তাৎপৰ্য বহন কৰিছে।

গৱেষণাৰ উপৰিও তেওঁ আন্তঃৰাষ্ট্ৰীয় বৈজ্ঞানিক সহযোগিতা আৰু পৰিবেশ নীতি-আলোচনাৰ ক্ষেত্ৰতো সক্ৰিয়ভাৱে জড়িত হৈ আহিছে। তেওঁৰ নেতৃত্বত ভাৰতত প্ৰথমবাৰৰ বাবে সংযুক্ত ৰাষ্ট্ৰৰ পৰিৱেশ কাৰ্যসূচী আৰু মিনামাটা কনভেনচন অন মাৰ্কিউৰিৰ পৃষ্ঠপোষকতাত আন্তঃৰাষ্ট্ৰীয় সন্মিলন আইচিএমজিপি ২০২৬ অনুষ্ঠিত হ’ব।

গ্ৰেট ব্ৰিটেইনৰ মন্ত্ৰালয়ত জ্যেষ্ঠ বিজ্ঞান বিষয়াৰ দায়িত্ব সন্দৰ্ভত ড° বিশ্বকৰ্মাই কয় যে বিজ্ঞানভিত্তিক গৱেষণা আৰু সমাজৰ বাস্তৱ সমস্যাৰ মাজত অধিক শক্তিশালী সংযোগ গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁ আগলৈও কাম কৰি যাব বিচাৰে।

তেওঁৰ মতে, অসমৰ বহু ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান আৰু গৱেষণাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ যথেষ্ট সামৰ্থ্য আছে। প্ৰয়োজন মাথোঁ উপযুক্ত সুযোগ, সঠিক দিশ-নিৰ্দেশনা আৰু অধ্যৱসায়।

এই সাফল্যৰ বাবে তেওঁ মাতৃ অৰ্পনা বৰা বিশ্বকৰ্মা আৰু পিতৃ লখন দেৱ বিশ্বকৰ্মাক তেওঁলোকৰ ত্যাগ আৰু ভাতৃ ত্ৰিপুৰাৰী বিশ্বকৰ্মা আৰু পৰিয়াল আৰু বন্ধু-বান্ধৱীক তেওঁলোকৰ সহায়-সমৰ্থন আৰু শিক্ষাগুৰুসকলক তেওঁৰ প্ৰচেষ্টাত পথ প্ৰদৰ্শনৰ বাবে শ্ৰদ্ধাৰে স্মৰণ কৰে।
ড০ বিশ্বকৰ্মা অসম সাহিত্য সভাৰ আজীৱন সদস্য আৰু নগাঁও জিলা সাহিত্য সভাৰ প্ৰবাসী অসমীয়া উপসমিতি ৰ কাৰ্যকৰী সভাপতি। ড০ বিশ্বকৰ্মাৰ বিদেশৰ মাটিত লাভ কৰাকএই সাফল্যৰ বাবে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড০ শৰৎ বৰকটকী আৰু সম্পাদক ৰাজীৱ কুমাৰ হাজৰিকাই অভিনন্দন জনোৱাৰ লগতে এইয়া অসমৰ বাবে গৌৰৱৰ বিষয় বুলি অভিহিত কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *